নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে সংসদত বিত্তীয় বিধেয়ক ২০২৩ উত্থাপন কৰিব (Nirmala Sitharman to move Finance Bill 2023)। কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ বিত্তীয় বিধেয়ক ২০২৩ দাখিল কৰা হ'ব । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সংসদত অনুদানৰ দাবী গৃহীত হৈছিল ।
বিত্তীয় বিধেয়ক ২০২৩ (Finance Bill 2023) য়ে কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে বিত্তীয় প্ৰস্তাৱবোৰ বিবেচনা কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাই ২০২৩-২৪ বৰ্ষৰ বাবে প্ৰায় ৪৫ লাখ কোটি টকা ব্যয়ৰ সৈতে অনুদানৰ দাবী উত্থাপন কৰে । আদানি বিষয়ত জেপিচি তদন্তৰ দাবীক লৈও বিৰোধী সদস্যসকলৰ প্ৰতিবাদৰ মাজতে ধ্বনি ভোটৰ দ্বাৰা প্ৰস্তাৱটো গৃহীত হয় (Demand for grants was passed in Parliament)।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গিলোটিনৰ বাবে আবেদন কৰিছিল যেতিয়া দুবাৰকৈ সদন স্থগিতৰ পাছত সন্ধিয়া ৬ বজাত সদনৰ বৈঠক অনুষ্ঠিত হৈছিল । বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ একত্ৰিত পুঁজিৰ পৰা আৰু বাহিৰত কিছুমান পৰিমাণ পৰিশোধ আৰু বিনিয়োগৰ অনুমোদনৰ বাবে বিধেয়কখন দাখিল কৰিছিল ।