অসম

assam

ETV Bharat / bharat

ক'ভিডে প্ৰভাৱিত কৰা খণ্ডৰ বাবে ১.১ লাখ কোটি টকা ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে । ক'ভিড-১৯ মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে ১.১ লাখ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে(Nirmala Sitharaman) ।

Nirmala Sitharaman has announced Rs 1.1 lakh crore scheme for Covid 19 affected sector
ক'ভিডে প্ৰভাৱিত কৰা খণ্ডলৈ সাহায্য ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

By

Published : Jun 28, 2021, 8:36 PM IST

নেশ্যনেল ডেস্ক, ২৮ জুন: ক'ভিড-১৯ মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডলৈ কেন্দ্ৰৰ সাহায্য । বিভিন্ন খণ্ডৰ বাবে ১.১ লাখ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে । সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে(Nirmala Sitharaman) এই কথা ঘোষণা কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায় যে, স্বাস্থ্য খণ্ডৰ বাবে ৫০,০০০ কোটি টকা আৰু অন্যান্য খণ্ডৰ বাবে অতিৰিক্ত ৬০,০০০ কোটি টকা আবণ্টন দিয়া হৈছে । চিকিৎসা আন্তঃগাঁথনি বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে এই ধনৰাশি আগবঢ়োৱা হৈছে স্বাস্থ্যখণ্ডলৈ । আঠখন মহানগৰৰ বাহিৰে দেশৰ আন চহৰসমূহত স্বাস্থ্য আৰু চিকিৎসা আন্তঃগাঁথনি সম্পৰ্কীয় সম্প্ৰসাৰণ আৰু নতুন প্ৰকল্পৰ বাবে এই পুঁজি ব্যৱহাৰ কৰা হ'ব ।

এই পুঁজিৰ অধীনত ৫০ শতাংশ সম্প্ৰসাৰণৰ বাবে আৰু ৭৫ শতাংশ নতুন প্ৰকল্পৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব । জিলা বিশেষে নতুন প্ৰকল্প আৰু সম্প্ৰসাৰণ দুয়োটাৰ বাবে ৭৫ শতাংশ পুঁজি ব্যৱহাৰ কৰা হ'ব ।

উল্লেখ্য যে, ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লক ডাউনৰ বাবে অভাৱনীয়ভাৱে ক্ষতিগ্ৰস্ত হৈছে দেশৰ অৰ্থ ব্যৱস্থা ৷ দেশৰ ক্ষুদ্ৰ ব্যৱসায়িক খণ্ডসমূহ ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ লগতে বহু প্ৰতিষ্যান মৃতপ্ৰায় হৈ পৰিছে ৷ ভগ্ন অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সমুদ্ৰৰ বুকুত Microplastic নীৰিক্ষণ কৰাৰ বাবে নাছাৰ অভিনৱ কৌশল

ABOUT THE AUTHOR

...view details