অসম

assam

ETV Bharat / bharat

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ বিভিন্নগৰাকীৰ জন্মদিনৰ শুভেচ্ছা... - Nirmala sitharaman

নিৰ্মলা সীতাৰমণৰ 1959 চনৰ 18 আগষ্টত মাদ্ৰাছৰ (তামিলনাডু) মাদুৰাইত জন্ম হয় ৷ তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী আৰু প্ৰথম পূৰ্ণ সময়ৰ মহিলা বিত্তমন্ত্ৰী । সীতাৰমণে ফৰ্বচ ২০২০ত ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছিল ৷

Nirmala Sitharaman Birthday: PM Modi and other greet
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি 62 সংখ্যাক জন্মদিন

By

Published : Aug 18, 2021, 11:01 AM IST

নিউজ ডেস্ক, 18 আগষ্ট : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি 62 সংখ্যাক জন্মবাৰ্ষিকী ৷ নিৰ্মলা সীতাৰমণৰ জন্মদিন উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, পীযুষ গোয়েল, নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱাল তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু দলীয় নেতা-কৰ্মীয়ে টুইটযোগে শুভেচ্ছা জনায় ৷

1959 চনৰ 18 আগষ্টত মাদ্ৰাছৰ (তামিলনাডু) মাদুৰাইত জন্ম হয় নিৰ্মলা সীতাৰমণৰ ৷ বৰ্তমান ভাৰতৰ বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে সীতাৰমণে । 2014 চনত নিৰ্মলা সীতাৰমণে সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হয় । সীতাৰমণে পূৰ্বতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ভাৰতৰ দ্বিতীয়গৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী আছিল ৷

আনহাতে ইন্দিৰা গান্ধীৰ পিছত নিৰ্মলা সীতাৰমণে হৈছে ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰী আৰু প্ৰথম পূৰ্ণ সময়ৰ মহিলা বিত্তমন্ত্ৰী ।

নিৰ্মলা সীতাৰমণে বিত্ত মন্ত্ৰালয়ৰ অধীনত বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰু স্বতন্ত্ৰ দায়িত্বৰ সৈতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে । সীতাৰমণে ফ’ৰ্বচ ২০২০ ত ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত স্থান লাভ কৰি বিশ্বৰ ৪১ তম স্থান দখল কৰিছিল । প্ৰধানমন্ত্ৰী মোডীৰ ভাৰতীয় অৰ্থনীতিৰ পৰিৱৰ্তন আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ লক্ষ্যত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাসকলৰ শীৰ্ষস্থানত আছে নিৰ্মলা সীতাৰমণ ।

লগতে পঢ়ক :কোন হ'ব ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ ?

ABOUT THE AUTHOR

...view details