অসম

assam

নিৰঞ্জনী আখৰাত জৰুৰীকালীনভাৱে কুম্ভ মেলাৰ সামৰণি ঘোষণা

ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতে জৰুৰীকালীন ভাৱে বৃহস্পতিবাৰে অৰ্থাৎ 17 এপ্ৰিলত সামৰণি পৰে কুম্ভ মেলাৰ ৷ হৰিদ্বাৰৰ 13 টাকৈ আখৰাত অনুষ্ঠিত কুম্ভমেলাৰ অন্যতম পঞ্চায়তি আখৰা নিৰঞ্জনী আখৰাৰ সম্পাদক ৰবীন্দ্ৰ পুৰী মহাৰাজে এই কথা সদৰি কৰে সংবাদ মাধ্যমৰ আগত ৷

By

Published : Apr 16, 2021, 10:07 AM IST

Published : Apr 16, 2021, 10:07 AM IST

নিৰঞ্জনী আখাদাত জৰুৰীকালীন ভাৱে সামৰণি পৰে কুম্ভ মেলাৰ
নিৰঞ্জনী আখাদাত জৰুৰীকালীন ভাৱে সামৰণি পৰে কুম্ভ মেলাৰ

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : সমগ্ৰ দেশতে ক'ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাচতে জৰুৰীকালীনভাৱে বৃহস্পতিবাৰে অৰ্থাৎ 17 এপ্ৰিলত সামৰণি পৰে কুম্ভ মেলাৰ ৷ হৰিদ্বাৰৰ 13 টাকৈ আখৰাত অনুষ্ঠিত কুম্ভমেলাৰ অন্যতম পঞ্চায়তি আখাদ নিৰঞ্জনী আখৰাৰ সম্পাদক ৰবীন্দ্ৰ পুৰী মহাৰাজে কয়, মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ৷ আগন্তুক 27 এপ্ৰিলত শাহী স্নান সন্দৰ্ভত আখৰা পৰিষদৰ সিদ্ধান্ত অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে, বিগত সপ্তাহৰ পৰা হৰিদ্ৱাৰত মুঠ 2,167 জন লোক ক'ৰণা আক্ৰান্ত হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কুম্ভ মেলা সমিটিৰ আন এজন বিষয়ববীয়া কৈলাশ গিৰি আচাৰ্য মহামণ্ডেলেশ্বৰে প্ৰকাশ কৰে ৷ মহাশিৱৰাত্ৰী উপলক্ষে 11 মাৰ্চত প্ৰথম স্নান অনুষ্ঠিত হৈছিল ৷ তেতিয়াও অগণন ভক্তই ভিৰ কৰিছিল ৷ ইফালে,1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ অনুষ্ঠিত হ'বলগীয়া এই মেলাৰ মুল উদ্দেশ্য হৈছে স্নান ৷

আনহাতে, ভাৰতৰ চাৰিটা পৃথক পৃথক স্থানত ভিন্ন সময়ত অনুষ্ঠিত এই স্নান কাৰ্যসূচীত স্নান কৰিলে পাপ খণ্ডন হয় বুলি লোক প্ৰবাদ আছে ৷ কিন্তু মহামাৰীৰ বাবে এই বছৰ হৰিদ্বাৰত চাৰিটা শাহী স্নান আৰু নটা গংগা স্নান অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক: চুৰাটত ১৪ দিনীয়া কেঁচুৱাৰ কৰ'ণাত মৃত্যু

ABOUT THE AUTHOR

...view details