নেশ্যনেল ডেস্ক,২৭ জুন : প্ৰকৃতিৰ ৰোষত দেশৰ কেইবাখনো ৰাজ্য । বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ধাৰাসাৰ বৰষুণৰ কৱলত পৰিছে কেইটাও অঞ্চল । প্ৰতিকূল বতৰৰ ফলত হিমাচল প্ৰদেশত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ৰাজস্থানত বজ্ৰপাতৰ ফলত ৪ জন লোকৰ মৃত্যু হয় । বৰষুণ আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যবোৰত বহু পথ বন্ধ হৈ পৰিছে ।
জানিব পৰা মতে ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত প্ৰায় ৩০১ টা পথ বন্ধ হৈ পৰিছে । প্ৰচণ্ড বৰষুণৰ ফলত পাণ্ডোহ-কুল্লু অঞ্চলত মাণ্ডি চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত অটৰ ওচৰৰ খোতিনাল্লাহ অঞ্চল বানৰ কৱলত পৰিছে । মাণ্ডি প্ৰশাসনৰ বিষয়াসকলে কোৱা মতে পুনৰুদ্ধাৰৰ কাম চলি আছে আৰু বিস্ফোৰক ব্যৱহাৰ কৰি পথ বন্ধ কৰা গধুৰ শিলবোৰ ভাঙি পেলোৱা হৈছে । বিষয়াসকলে জনোৱা মতে ২৪ জুনৰ পৰা প্ৰতিকূল বতৰৰ বাবে সংঘটিত বিভিন্ন ঘটনাত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃত্যু হয় ।
ইফালে ৰাজস্থানত বজ্ৰপাতৰ ফলত তিনিটা পৃথক স্থানত ৪ গৰাকী লোক নিহত হয় আৰু বহুলোক আহত হয় । প্ৰশাসনে জনোৱা মতে দেওবাৰে সন্ধিয়া পালি জিলাত বজ্ৰপাতৰ ফলত দিনেশ নামৰ এগৰাকী লোকৰ মৃত্যু হয় । বাৰণৰ পাটপাডীত বজ্ৰপাতৰ ফলত দুই ভাই-ভনীৰ মৃত্যু হয় । চিতোৰগড়ত এগৰাকী ১০ বছৰীয়া কিশোৰীও বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয় ।