নেশ্যনেল ডেস্ক, 22 মাৰ্চ: বিহাৰৰ জেহানাবাদ অঞ্চলৰ এটা শিশু পুনৰ্বাসন কেন্দ্ৰত আজৱ ঘটনা (Child reform home in jehanabad) ৷ কেন্দ্ৰটোৰ পৰা পলায়ন 9 নাবালক কয়দীৰ ৷ কেন্দ্ৰটোৰ এখন খিৰিকি ভাঙি মঙলবাৰে নিশা পলায়ন কৰে নাবালককেইটাই ৷ চৰকাৰী তথ্য মতে, ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হোৱা অপৰাধজনিত ঘটনাত গ্ৰেপ্তাৰ হৈছিল নাবালককেইটা ৷
সূত্ৰ অনুসৰি, কেন্দ্ৰটোৰ খিৰিকি ভঙাৰ পাচত দেৱাল পাৰ হৈ নিশা পলায়ন কৰে কিশোৰকেইটাই ৷ পলাতক কিশোৰকেইটাৰ ভিতৰত আছে বিহাৰৰ বৈশালী জিলাৰ 6 টা, আৰৱাল জিলাৰ দুটা আৰু এটা জেহানাবাদৰ স্থানীয় কিশোৰ ৷ অৱশ্যে এই পৰ্যন্ত সন্ধান লাভ কৰা নাই পলাতক নাবালককেইটাৰ (Child escaped from child reform home) ৷
বুধবাৰে পুৱাৰ ভাগতহে শিশু পুনৰ্বাসন কেন্দ্ৰটোৰ কৰ্তৃপক্ষই অৱগত হয় এই কথা ৷ নাবালককেইটা পলায়ন কৰাৰ কথা নিশ্চিত হোৱাৰ পাচতেই কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ কেন্দ্ৰটোৰ তত্বাৱধানত থকা বিষয়াগৰাকীয়ে বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাচতেই ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াই আৰম্ভ কৰিছে তদন্ত ৷