অসম

assam

ETV Bharat / bharat

বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাত নৈশ সান্ধ্য আইন জাৰি - ত্ৰিপুৰাত নৈশ সান্ধ্য আইন জাৰি

ত্ৰিপুৰাত জাৰি কৰা হ'ল নৈশ সান্ধ্য আইন ৷ নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজ্যখনত বাহাল থাকিব সান্ধ্য আইন ৷ মঙলবাৰে নিশা এক নিৰ্দেশনা জাৰি কৰি ত্ৰিপুৰা চৰকাৰে এই কথা সদৰী কৰে ৷

night curfew in tripura from april 22
বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাত নৈশ সান্ধ্য আইন জাৰি

By

Published : Apr 22, 2021, 10:35 AM IST

ত্ৰিপুৰা, 22 এপ্ৰিল:কৰ'ণাৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত প্ৰশাসনে লকডাউনৰ দৰে বিকল্পৰ সহায় লোৱাৰ মাজতে ত্ৰিপুৰা প্ৰশাসনেও এই অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে নিশা এক নিৰ্দেশনা জাৰি কৰি ত্ৰিপুৰা চৰকাৰে এই কথা সদৰী কৰে ৷ মঙলবাৰে নিশাই জাৰি কৰা এই নিৰ্দেশনা বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ'ব ৷ উক্ত নিৰ্দেশনা অনুসৰি নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ ৰাজ্যখনত নৈশ সান্ধ্য আইন বাহাল থাকিব ৷

চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত মুখ্য সচিব মনোজ কুমাৰে কয় যে, "দ্বিতীয়টো ঢৌত এই অতিমাৰীৰ অতি দ্ৰুত গতিত সংক্ৰমণ ঘটিছে ৷ জনসাধাৰণৰ মাজত এই ভাইৰাছ অতি ক্ষীপ্ৰ গতিত বিয়পি পৰাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত মানুহৰ জীৱন হানি হোৱাৰো সম্ভাৱনা আছে ৷" ত্ৰিপুৰাত প্ৰত্যেক দিনেই নতুন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ আক্ৰান্তৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে বুলি দাবী কৰি কুমাৰে কয় যে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 30 এপ্ৰিললৈ কাৰ্যকৰী হোৱাকৈ প্ৰশাসনৰ ফালৰ পৰা বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে ৷

মঙলবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি, আগৰতলা পৌৰ নিগম অঞ্চলত 22 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ অৱশ্যে এই নিৰ্দেশনা স্বাস্থ্য আৰু অন্যান্য জৰুৰীকালীন সেৱা যেনে শক্তি যোগান, সুৰক্ষা, আৰক্ষী সেৱা তথা পানী যোগান আদিৰ ক্ষেত্ৰত প্ৰযোজ্য ন'হব ৷

ক'ভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা চৰকাৰে ইতিমধ্যে কেইবাটাও পৰীক্ষা স্থগিত ৰখাৰো সিদ্ধান্ত লৈছে ৷ নিৰ্দেশনাটোত উল্লেখ কৰা মতে, কৰ'ণাৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যুটীয়া নিযুক্তি ব'ৰ্ডৰ পৰীক্ষাৰ লগতে চাকৰি সম্পৰ্কীয় সকলো পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক:দিল্লীৰ চিকিৎসালয়ত অক্সিজেন যোগান

ABOUT THE AUTHOR

...view details