অসম

assam

ETV Bharat / bharat

পুণেত পুনৰ নৈশ সান্ধ্য আইন জাৰি - বিভাগীয় আয়ুক্ত সৌৰভ ৰাও

কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ পুণেত নৈশ সান্ধ আইন জাৰি কৰিছে প্ৰশাসনে । নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব এই নৈশ সান্ধ আইন ।

কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুণেত নৈশ সান্ধ আইন
কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুণেত নৈশ সান্ধ আইন

By

Published : Feb 21, 2021, 2:01 PM IST

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী: দেশত বৰ্তমানেও অব্যাহত আছে অতিমাৰী কৰ'ণাৰ সংক্ৰমণ । বিগত বৰ্ষত চীনৰ ৱুহান চহৰৰ পৰা উৎপত্তি হোৱা কৰ'ণাৰ সংক্ৰমণ এতিয়াও বিশ্বজুৰি অব্যাহত আছে । কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ পুণেত নৈশ সান্ধ আইন জাৰি কৰিছে প্ৰশাসনে । নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব এই নৈশ সান্ধ আইন ।

ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পৱাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিভাগীয় আয়ুক্ত সৌৰভ ৰাওৱে এক সংবাদমেলযোগে এই কথা জনায় । লগতে কৰ'ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবেও কেতবোৰ লোৱা ব্যৱস্থাৰ বিষয়েও জানিবলৈ দিয়ে । উক্ত ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল-

  • কৰ'ণাৰ নতুন হটস্পটৰ সন্ধান উলিয়াই সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলাব ।
  • ৰাজ্যজুৰি বিদ্যালয়, মহাবিদ্যালয়সমূহ ২৮ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব ।
  • ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়সমূহো ২৮ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব ।
  • উচ্চশিক্ষা বৰ্গৰ শ্ৰেণীসমূহ সম্পূৰ্ণভাৱে বন্ধ নাথাকে ।
  • নিশা ১১ বজালৈ হোটেল, ৰেস্তোৰেন্টসমূহ খোলা থাকিব ।
  • বিয়া সবাহত মুঠ ২০০ গৰাকী ব্যক্তি উপস্থিত থাকিব পাৰিব ।
  • বিয়া সবাহ আদিৰ বাবে প্ৰথমে আৰক্ষী প্ৰশাসনৰ অনুমতি গ্ৰহণ কৰিব লাগিব ।

উল্লেখ্য যে, বিগত ২৪ ঘন্টাত দেশত নতুনকৈ ১৪,২৬৪ জন আক্ৰান্ত হৈছে আৰু ৯০ জন ইতিমধ্যে মৃত্যুমুখত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত এই পৰ্যন্তলৈ মুঠ ৯ লাখ ৯১ হাজাৰ ৬৫১ গৰাকী আক্ৰান্ত হৈছে । লগতে ১ লাখ ৫৬ হাজাৰ ৩০২ জনে প্ৰাণ হেৰুৱাইছে । আনহাতে ১ লাখ ৪৫ হাদাৰ ৬৩৪ সক্ৰিয় ঘটনা । মন কৰিবলগীয়া যে, বিশ্বৰ ভিতৰতে সক্ৰিয় ঘটনাৰ তুলনাত বাৰত ১৫ নম্বৰ স্থানত আছে ।

লগতে পঢ়ক: বিজেপি যুৱ ফ্ৰণ্টৰ নেতা পামেলি স্বামীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details