অসম

assam

ETV Bharat / bharat

Gangster Lawrence Bishnoi: আজি আদালতত হাজিৰ কৰা হ’ব গেংষ্টাৰ লৰেন্স বিষ্ণৈক - Threat mail to Salman Khan

আজি পটিয়ালা হাউছ আদালতত হাজিৰ কৰিব গেংষ্টাৰ লৰেন্স বিষ্ণৈক (NIA to produce gangster Lawrence Bishnoi before Delhi court) ৷ যোৱা বছৰ পঞ্জীয়ন হোৱা এটা গোচৰৰ সোধা-পোছৰ বাবে গেংষ্টাৰ বিষ্ণৈক দিল্লীলৈ আদালতলৈ আনিছে NIAয়ে ৷

Gangster Lawrence Bishnoi
আদালতত হাজিৰ কৰা হ’ব গেংষ্টাৰ লৰেন্স বিষ্ণৈক

By

Published : Apr 17, 2023, 12:46 PM IST

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল :যোৱা বছৰ পঞ্জীয়ন হোৱা এটা গোচৰৰ সোধা-পোছৰ বাবে আজি অৰ্থাৎ সোমবাৰে পঞ্জাৱৰ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈক দিল্লীলৈ লৈ আনে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চুমকৈ NIAয়ে । বৰ্তমান লৰেন্স বিষ্ণৈক পঞ্জাৱৰ বাথিণ্ডা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে ।

আজি পটিয়ালা হাউছ আদালতত হাজিৰ কৰিব গেংষ্টাৰ লৰেন্স বিষ্ণৈক (NIA to produce gangster Lawrence Bishnoi before Delhi court)। লৰেন্স বিষ্ণৈক বাথিণ্ডাৰ পৰা আনিব NIA ৰ দলে । তথ্য অনুসৰি, 1 এপ্ৰিলত মুম্বাই আৰক্ষীয়ে ৰাজ্যসভাৰ সাংসদ তথা শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক মৃত্যুৰ ভাবুকি দিয়াৰ সন্দৰ্ভত কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :Salman Khan threat mail from Bishnoi revealed: মেইলত কি বুলি ভাবুকি প্ৰদান কৰিছিল লৰেন্স বিষ্ণৈ গেঙে ?

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতক মৃত্যুৰ ভাবুকি দিয়াৰ সন্দৰ্ভত বিষ্ণৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 506 (2) আৰু 504 ধাৰাত মুম্বাইৰ কাঞ্জুৰ মাৰ্গ থানাত গোচৰ ৰুজু কৰা হৈছিল । লৰেন্স বিষ্ণৈৰ গেঙৰ লোকেই পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাকো গুলীয়াই হত্যা কৰা হৈছিল ৷ আনকি অভিনেতা ছলমান খানৰ কাৰ্যালয়লৈ ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰাৰ অভিযোগো আছে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ বিৰুদ্ধে (Threat mail to Salman Khan) ৷

তাৰ পাচতে কাৰাগাৰত থকা গেংষ্টাৰ বিষ্ণৈ আৰু তেওঁৰ সহযোগী ক্ৰমে গোল্ডি ব্ৰাৰ আৰু ৰোহিত গাৰ্গৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে মুম্বাই আৰক্ষীয়ে (Lawrence Bishnoi Goldy Brar arrested) । বেন্দ্ৰা আৰক্ষীয়ে আই পি চিৰ ধাৰা 506 (2), 120(B) আৰু 34 ৰ অধীনত গোচৰ ৰুজু কৰে । ইয়াৰ পাচতে ছলমান খানক মুম্বাই আৰক্ষীয়ে Y+ শ্ৰেণীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল (Security arrangement for Salman Khan) ।

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে লৰেন্স বিষ্ণৈ গেঙৰ পৰা ভাবুকি পত্ৰ লাভ কৰাৰ পিচতে এই পদক্ষেপ গ্ৰহণ কৰে মহাৰাষ্ট্ৰ চৰকাৰে ।

লগতে পঢ়ক :Threat to Salman Khan: চলমান খানক ভাবুকি দিয়া লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details