অসম

assam

ETV Bharat / bharat

Narwal twin blasts: NIA ই আৰম্ভ কৰিছে তদন্ত - Narwal twin blasts

জম্মুৰ নাৰৱাল এলেকাত দুটাকৈ বিস্ফোৰণ (Twin blast in Jammu)। বিস্ফোৰণত ৯ গৰাকীকৈ লোক আহত । ইতিমধ্যে NIA ৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Narwal twin blasts
NIA দলে আৰম্ভ কৰিছে তদন্ত

By

Published : Jan 22, 2023, 4:29 PM IST

নেশ্যনেল ডেস্ক,২২ জানুৱাৰী :জম্মুত পুনৰ বিস্ফোৰণ (Jammu blast)। জম্মুৰ ঔদ্যোগিক এলেকা নাৰৱালত একেলগে দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছে । য'ত ৯ গৰাকী লোক আহত হৈছে (9 injured in Jammu twin blast)। দেওবাৰে পুৱাই অঞ্চলটোত অনুসন্ধানৰ বাবে উপস্থিত হৈছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAৰ দল (NIA team reaches Jammu to hold investigation)।

ইফালে বিস্ফোৰণৰ পাছতে সেনা আৰু চিকিউৰিটী ইমপেক্ট এনালাইচিছ (SIA) দলৰ জ্যেষ্ঠ বিষয়াসকলো শনিবাৰে ঘটনাস্থলীত উপস্থিত হৈছিল । অঞ্চলটোত সম্প্ৰতি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । অনুসন্ধানৰ অংশ হিচাপে অঞ্চলটোলৈ অহা প্ৰতিখন বাহনে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে ।

উল্লেখ্য যে শনিবাৰে পুৱা জম্মুৰ নাৰৱালত সংঘটিত এই বিস্ফোৰণত কমেও ৯ গৰাকী লোক আহত হৈছে । চৰকাৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে আহতসকলক নিৰীক্ষণত ৰখা হৈছে আৰু চিকিৎসা চলি আছে । জম্মু জ'নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা মতে জম্মুৰ নাৰৱাল অঞ্চলত সংঘটিত বিস্ফোৰণৰ অনুসন্ধান চলি আছে । ফ'ৰেনচিকৰ দলেও ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে ।

লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাইও নাৰৱালত সংঘটিত বিস্ফোৰণক তীব্ৰ ভাষাৰে গৰিহণা দিছে (Lt Governor reacts over Jammu blast)। দোষীক চিনাক্ত কৰাৰ লগতে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ গৱৰ্ণৰে আৰক্ষীক নিৰ্দেশ দিছে ।

গৱৰ্ণৰে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনে ধৰণৰ নিন্দনীয় কাৰ্যই দোষীৰ হতাশা আৰু কাপুৰুষতা প্ৰকাশ কৰে । ইফালে বিস্ফোৰণত আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে । আহতসকলৰ চিকিৎসাৰ খৰছো বহন কৰিব বুলি গৱৰ্ণৰে ঘোষণা কৰিছে ।

ইফালে বিস্ফোৰণটোৰ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ বৰ্ণনা কৰি কয় যে বিস্ফোৰণৰ সময়ত তেওঁলোক এখন দোকানৰ ভিতৰত বহি আছিল । বিস্ফোৰণত এখন বাহন ধ্বংস হৈ গৈছিল আৰু বাহনখনৰ কিছু অংশ দোকানৰ ওচৰত পৰিছিল । যাৰ ফলত এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল । আনহাতে আনটো বিস্ফোৰণ আধা ঘণ্টা পাছত কিছু দূৰত্বত সংঘটিত হৈছিল । প্ৰথমে অঞ্চলটোৰ লোকসকলে ভাবিছিল যে বাহনখনত গেছ বিস্ফোৰণ হৈছিল কিন্তু ই তাতকৈ বেছি ভয়ংকৰ আছিল । সম্প্ৰতি অঞ্চলটোৰ লোকসকল আতংকিত হৈ আছে ।

লগতে পঢ়ক :Accident at Bilaspur : চলন্ত বাহনত জুই লাগি জীৱন্তে জ্বলিল আৰোহী

ABOUT THE AUTHOR

...view details