নেশ্যনেল ডেস্ক,7 এপ্ৰিল:মুম্বাইৰ ব্যৱসায়ী মনছুখ হীৰেন হত্যাকাণ্ডৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজক ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা থানেলৈ এখন স্থানীয় ৰে’লত লৈ যায় ৷ ঘটনাস্থলীত পুনৰ অনুসন্ধান চলাবলৈ শচীন ৱেজক লগত লৈ যাত্ৰা কৰে নিয়াৰ দলটোৱে ৷ এণ্টিলিয়া বোমাতংক আৰু মনছুখ হীৰেন হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত আছিল শচীন ৱেজ ৷
এনআইএয়ে দাবী কৰিছে যে, ৱেজে উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ চৌহদত জিলেটিন ষ্টিক ভৰ্তি বাহনখন ৰখাই থৈছিল । পৰৱৰ্তী সময়ত জানিব পৰা গৈছিল যে, উক্ত জিলেটিন ষ্টিক ভৰ্তি বাহনখন হীৰেনৰ আছিল, যাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । নিয়াই লগতে কয় যে, হীৰেনক হত্যা কৰাৰ দিনা ৱেজে চিএছএমটিৰ পৰা থানেলৈ যাত্ৰা কৰিছিল ।