নিউজ ডেস্ক, ২ আগষ্ট : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতে পঞ্জাবৰ ৬ জন গেংষ্টাৰ তথা সন্ত্ৰাসবাদীক পলাতক ঘোষণা কৰিছে । তেওঁলোক হৈছে অৰ্শদীপ সিং ওৰফে আৰ্শ দাল্লা, হৰবিন্দৰ সিং সান্ধু ওৰফে ৰিন্দা, লাখবীৰ সিং সান্ধু ওৰফে লাণ্ডা, ৰমণদীপ সিং ওৰফে ৰমণ জাজ, লাখবীৰ সিং ৰোডে আৰু ৱাধৱা সিং বাব্বৰ । তথ্য অনুসৰি, এই সন্ত্ৰাসবাদীকেইজনে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰ্দেশনা অনুসৰি কাম কৰে ।
উল্লেখ্য যে NIA-ই ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়ত সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত আৰু বিদেশত থকা এই গেংষ্টাৰকেইজনৰ বিৰুদ্ধে যোৱা বছৰ গোচৰ ৰুজু কৰিছিল । তদন্তৰ সময়ত NIA-ই তথ্য লাভ কৰে যে পঞ্জাবৰ এই ৬ জন গেংষ্টাৰে সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । লগতে অনুসন্ধানত প্ৰকাশ পায় যে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক, আইইডি লাভ কৰিছে আৰু যুৱক-যুৱতীসকলক দেশবিৰোধী কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি পঞ্জাব আৰু দেশৰ অন্যান্য প্ৰান্তত সন্ত্ৰাসবাদ বৃদ্ধিৰ বাবে কাম কৰি আছে ।
তথ্য অনুসৰি, এই ৬ জন পলাতক সন্ত্ৰাসবাদী বিদেশত লুকাই আছে । তাৰ পৰাই তেওঁলোকে ভাৰতলৈ ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে । উল্লেখ্য যে, হৰবিন্দৰ সিং সান্ধু ওৰফে ৰিন্দা, লাখবীৰ সিং ৰোডে আৰু ৱাধৱা সিং বাব্বৰ পাকিস্তানত লুকাই আছে । আৰ্শদীপ দাল্লা আৰু আনসকল কানাডা আৰু ইংলেণ্ডত লুকাই আছে । তেওঁলোক আটাইকেইজনৰে ভাৰতৰ নিষিদ্ধ সংগঠন খালিস্তান লিবাৰেচন ফ'ৰ্চ, বাব্বৰ খালচা ইণ্টাৰনেচনেল, আন্তৰ্জাতিক শিখ যুৱ ফেডাৰেচন, শিখ ফৰ জাষ্টিচৰ সৈতে সম্পৰ্ক আছে ।
সন্ত্ৰাসবাদী হৰবিন্দৰ ৰিন্দা পঞ্জাবৰ তৰ্ণ তৰণৰ বাসিন্দা । তাৰ পৰা ৰিন্দা মহাৰাষ্ট্ৰলৈ যায় । হত্যাৰ গোচৰত ২০১১ চনৰ ছেপ্টেম্বৰত তেওঁক আজীৱন কাৰাদণ্ড দিয়া হয় । কেইবাটাও অপৰাধমূলক গোচৰত নাম থকাৰ পিছত ৰিন্দা নেপাল হৈ ভুৱা পাছপোৰ্টেৰে পাকিস্তানলৈ পলাই যায় । ৰিন্দা নিষিদ্ধ খালিস্তানী সংগঠন বাব্বৰ খালচা ইণ্টাৰনেচনেলৰ সদস্য আছিল । যোৱা বছৰৰ মে' মাহত মোহালিৰ পঞ্জাব আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত ৰকেট প্ৰপেলেড গ্ৰেনেড (আৰপিজি) আক্ৰমণত তেওঁৰ নাম জড়িত হৈ পৰিছিল ।