নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : জম্মু আৰু কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আৰু ৰাজ্যিক অনুসন্ধান সংস্থা (SIA)ৰ অভিযান ৷ এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, দেওবাৰে NIA আৰু SIA য়ে যুটীয়াভাৱে শ্ৰীনগৰৰ কাৰাগাৰত বন্দী হৈ থকা স্থানীয় সাংবাদিক ফাহাদ শ্বাহৰ কাৰ্যালয়ত চলাই এক অভিযান (NIA and SIA raid jailed journalist Fahad Shah's office and home) ৷
সাংবাদিক ফাহাদ শ্বাহৰ কাৰ্যালয়ে নহয়, তেওঁৰ বাসগৃহতো অভিযান চলাই অভিযানকাৰী দল দুটাই ৷ তথ্য অনুসৰি, চলিত বৰ্ষৰ 4 ফেব্ৰুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Jailed journalist fahad shah) ৷ তথ্য অনুসৰি, উগ্ৰবাদক প্ৰাধান্য দি ভুৱা বাতৰি প্ৰচাৰ কৰিছিল সাংবাদিক ফাহাদ শ্বাহে ৷ আনকি জম্মু কাশ্মীৰৰ লোকসকলক বিপথে পৰিচালিত কৰি তেওঁলোকক বিভিন্ন বে-আইনী কাম কৰিবলৈ উচতনি জোগাইছিল তেওঁ ৷