অসম

assam

ETV Bharat / bharat

এণ্টিলিয়া কাণ্ড:অভিযোগ নামা দাখিলৰ বাবে আৰু ৩০ দিনৰ সময় লাগে NIAক - ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী

অভিযোগ নামা দাখিলৰ বাবে আদালতত অতিৰিক্ত ৩০ দিনৰ সময় বিচাৰিছে সংস্থাটোৱে । সংস্থাটোৱে আদালতক কৈছে যে এণ্টিলিয়া কাণ্ডৰ পাছত মনসুখ হীৰেণক হত্যা কৰিবলৈ অভিযুক্তসকলক ৪৫ লাখ টকা দিয়া হৈছিল ।

NIA seeks 30 days to file chargesheet
অভিযোগ নামা দাখিলৰ বাবে আৰু ৩০ দিনৰ সময় লাগে NIAক

By

Published : Aug 4, 2021, 6:30 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট :এণ্টিলিয়া কাণ্ড (Antilia Bomb Scare) আৰু মনসুখ হীৰেণ হত্যাকাণ্ড সন্দৰ্ভত অভিযোগ নামা দাখিলত পলম কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) । অভিযোগ নামা দাখিলৰ বাবে আদালতত অতিৰিক্ত ৩০ দিনৰ সময় বিচাৰিছে সংস্থাটোৱে । সংস্থাটোৱে আদালতক কৈছে যে এণ্টিলিয়া কাণ্ডৰ পাছত মনসুখ হীৰেণক হত্যা কৰিবলৈ অভিযুক্তসকলক ৪৫ লাখ টকা দিয়া হৈছিল ।

উল্লেখ্য যে দিনক দিনে এণ্টিলিয়াৰ ঘটনা ৰহস্যৰ মাজত সোমাই পৰিছে । NIA য়ে এই ঘটনা তদন্ত কৰি আছে । ইতিমধ্যে সংস্থাটোৱে বহু ৰহস্য ফাদিল কৰিছে আৰু কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।

ইফালে জুন মাহত NIAৰ এখন বিশেষ আদালতে শিৱসেনাৰ নেতা তথা মুম্বাই আৰক্ষীৰ প্ৰাক্তন এনকাউণ্টাৰ স্পেচিয়েলিষ্ট প্ৰদীপ শৰ্মাক এণ্টিলিয়া কাণ্ড আৰু মনসুখ হীৰেণ হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত ১২ জুলাইলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । NIA য়ে এণ্টিলিয়া বোমা ঘটনা সন্দৰ্ভত বিশেষ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । মে' মাহত সংস্থাটোৱে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ পৰিদৰ্শক সুনীল মানেক গোচৰটোত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল ।

আনহাতে ২৫ ফেব্ৰুৱাৰীত মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ (Mukesh Ambani) ঘৰ এণ্টিলিয়াৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন উদ্ধাৰৰ ঘটনাৰ মুখ্য অভিযুক্ত শচীন ৱাজেক NIA য়ে গ্ৰেপ্তাৰ কৰিছিল । এণ্টিলিয়াৰ বাহিৰত বিস্ফোৰক সামগ্ৰী থকা বাহনখনৰ গৰাকী মনসুখ হীৰেণৰ হত্যাৰ অভিযোগো শচীন ৱাজেৰ বিৰুদ্ধে আৰোপ কৰা হৈছে । কিয়নো বাহনখন উদ্ধাৰ হোৱাৰ পাছত মাৰ্চ মাহত মনসুখ হীৰেণৰো মৃত দেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক :পেগাচাছক লৈ সংসদত সাতটা ভিন্ন ভাষাত পোষ্টাৰ প্ৰদৰ্শন বিৰোধীৰ

ABOUT THE AUTHOR

...view details