নেশ্যনেল ডেস্ক,৩ এপ্ৰিল:এণ্টিলিয়াৰ বোমাতংকৰ তদন্তৰ মাজতে বহু তথ্য লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ৷ তদন্তৰ মাজতে এগৰাকী অভিযুক্ত মনসুখ হিৰেনৰ মৃত্যুৰ গোচৰৰো তদন্ত চলাই গৈছে নিয়াই । ঘটনা সন্দৰ্ভত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজে ব্যৱহাৰ কৰা এখন বগা ৰঙৰ মাৰ্চিডিজ জব্দ কৰিছে নিয়াই । ঘটনা সন্দৰ্ভত জব্দ কৰা বাহনসমূহৰ ভিতৰত এইখন ৮ম বাহন ।
নিয়াই ইয়াৰ পূৰ্বে ৭ খন বাহন ক্ৰমে এখন সেউজীয়া স্ক'ৰপিঅ', বগা ইন’ভা, দুখন ক'লা মাৰ্চিডিজ বেঞ্জৰ বাহন, এখন লেণ্ড ক্ৰুইজাৰ প্ৰড’, এখন ক'লা ভলভ’ আৰু এখন বগা মিৎসুবিশি আউটলেণ্ডাৰ জব্দ কৰিছে ।
ইয়াৰে স্কৰপিঅ' বাহনখন হৈছে মূল বাহন, যিখন বিস্ফোৰক সামগ্ৰীৰ সৈতে আম্বানিৰ ঘৰৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হৈছিল । ইন’ভাখন আম্বানিৰ বাসগৃহৰ বাহিৰত স্কৰপিঅ’ৰ পিছফালে আছিল আৰু আশংকা কৰা হৈছিল যে গাড়ীখন চিআইইউৰ । এখন মাৰ্চিডিজ ১৬ মাৰ্চত চিএছএমটি ষ্টেচন অঞ্চলৰ পৰা জব্দ কৰা হৈছিল আৰু আনখন একেটা স্থানতে উদ্ধাৰ কৰা হৈছিল, যিখন ৱেজ আৰু মনসুখে ১৭ ফেব্ৰুৱাৰীত ব্যৱহাৰ কৰিছিল । প্ৰডো বাহনখন মনসুখ আৰু শচীন ৱেজে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ লৈ গৈছিল । আউটলেণ্ডাৰখন নতুন মুম্বাইৰ কামোথে চেক্টৰ ৭ ৰ পৰা উদ্ধাৰ কৰা হৈছিল ।