নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ :ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে গেংষ্টাৰ লৰেন্স বিষ্ণই, বাম্বিহা আৰু আৰ্শ দাল্লাৰ সহযোগীসকলৰ ৫১ টা স্থানত তালাচী আৰম্ভ কৰিছে । ৩ টা ঘটনা সন্দৰ্ভত ৬ খন ৰাজ্যৰ এই স্থানকেইটাত NIA-ৰ এই অভিযান চলি আছে । আনহাতে, বুধবাৰে পুৱতিনিশা NIA-য়ে পঞ্জাবৰ মোগা জিলাৰ তখটুপুৰা গাঁৱত এজন সুৰা ব্যৱসায়ীৰ ঘৰতো তালাচী চলায় ।
গেংষ্টাৰ আৰ্শ দালাই এই ব্যৱসায়ীজনৰ পৰা মুক্তিপণ দাবী কৰিছিল আৰু তেওঁ মুক্তিপণৰ কিছু অংশ আৰ্শ দালাক দিছিল । এই সন্দৰ্ভত NIA-য়ে এক তদন্ত চলাই থকা বুলি সূত্ৰত প্ৰকাশ । NIA-য়ে উত্তৰাখণ্ডৰ উধম সিং নগৰৰ বাজপুৰ আৰক্ষী থানা অঞ্চলৰ এটা গান হাউছতো তালাচী চলায় । NIA-য়ে উত্তৰাখণ্ডৰ ডেৰাডুন জিলাৰ ক্লেমেণ্টন আৰক্ষী থানা অঞ্চলৰ আন এটা ঘৰত তালাচী চলাইছে ।
ডেৰাডুন আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, NIA-ৰ দলটোৱে বুধবাৰে পুৱাৰে পৰা অভিযান চলাই আছে । ৰাজ্যিক আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, NIA-ৰ দলটোৱে গান হাউছত অস্ত্ৰ-শস্ত্ৰ পৰীক্ষা কৰি আছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সন্ত্ৰাসবাদী গেংষ্টাৰ নেটৱৰ্কৰ সৈতে জড়িত ৪৩ জন ব্যক্তিৰ কানাডাৰ সৈতে সম্পৰ্ক থকাৰ তথ্যও জাৰি কৰিছে । NIA-য়ে জনসাধাৰণক তেওঁলোকৰ সা-সম্পত্তিৰ তথ্য জনাবলৈ আহ্বান জনাইছে । জানিব পৰা মতে, সেইবোৰ কেন্দ্ৰীয় চৰকাৰে অধিগ্ৰহণ কৰিব পাৰে ।
NIA-য়ে তেওঁলোকৰ নিজৰ নামত বা তেওঁলোকৰ সহযোগী, বন্ধু আৰু আত্মীয়সকলৰ নামত থকা তেওঁলোকৰ মালিকানাধীন সম্পত্তি/সম্পদ/ব্যৱসায়ৰ বিষয়ে তথ্য জনাবলৈও অনুৰোধ জনাইছে । লগতে তেওঁলোকৰ ব্যৱসায়িক অংশীদাৰ, শ্ৰমিক, কৰ্মচাৰী আৰু সংগ্ৰহ এজেণ্টৰ তথ্যও প্ৰকাশ কৰিবলৈ কৈছে ।