নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:জম্মু-কাশ্মীৰৰ 8 টা স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই চলাইছে অভিযান ৷ সন্ত্ৰাসবাদী পুঁজিৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ থকাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে চলাইছে এই অভিযান ৷ কাশ্মীৰৰ 7 টা আৰু জম্মুৰ এটা স্থানত জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ যুটীয়া সহযোগত এই অভিযান চলি আছে বুলি জানিবলৈ পৰা গৈছে ৷ বৰ্তমানেও এই অভিযান চলি আছে বুলি সূত্ৰত প্ৰকাশ ।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অন্যান্য অঞ্চলৰ লগতে শ্বোপিয়ান আৰু বাৰামুল্লাত এই অভিযান চলাইছে । বাসিন্দাসকলৰ লগতে গোচৰৰ সৈতে জড়িত সন্দেহযুক্ত লোকসকলৰ অন্যান্য আত্মগোপন কৰিব পৰা স্থানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তালাচী অভিযান চলাইছে । কাশ্মীৰৰ সক্ৰিয় উগ্ৰপন্থীক ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ সৈতে জড়িত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী গোচৰৰ এজন অভিযুক্তক কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে এই অভিযান আৰম্ভ কৰিছে ।