অসম

assam

ETV Bharat / bharat

NIA raids against Naxal: মাওবাদী নেতাক বিচাৰি মানৱাধিকাৰ কৰ্মীৰ ঘৰত নিয়াৰ অভিযান - নিৰাপত্তাৰক্ষী আৰু মাওবাদী বিদ্ৰোহী গোট

60 ৰো অধিক স্থানত NIA ই চলাইছে মাওবাদ বিৰোধী অভিযান ৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত চলিছে এই অভিযান ৷ লক্ষ্য কৰি লৈছে মানৱাধিকাৰ কৰ্মী-নেতাৰ বাসগৃহ ৷

মাওবাদী নেতাক বিচাৰি মানৱাধিকাৰ কৰ্মীৰ ঘৰত নিয়াৰ অভিযান

By ANI

Published : Oct 2, 2023, 12:10 PM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ:দেশত অব্যাহত আছে মাওবাদ বিৰোধী অভিযান ৷নক্সাল গোটৰ সদস্যক বিচাৰি অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ 60 ৰো অধিক স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলাইছিল । ৰাজ্যৰ আৰক্ষী বাহিনীৰ সৈতে যুটীয়া সহযোগত NIA ৰ বিভিন্ন দলে প্ৰাপ্ত খবৰৰ ভিত্তিত অভিযান চলায় ।

NIAৰ এক শীৰ্ষ সূত্ৰই ANI ক জনোৱা মতে, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মুঠ 60 টা স্থানত নক্সালবাদী সদস্যৰ অভিযানত তালাচী চলাই থকা হৈছে । তেলেংগানাৰ হায়দৰাবাদ আৰু অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ, নেল্লোৰ আৰু তিৰুপতি জিলাত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

কেইবাগৰাকীও মানৱাধিকাৰ কৰ্মী-নেতাৰ ঘৰত, যিসকল নেতা-কৰ্মীৰ নক্সালবাদী বিদ্ৰোহী নেতাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে, NIA ই তালাচী চলায় । 9 ছেপ্টেম্বৰত ANI য়ে তেলেংগানা আৰু ছত্তীশগড়ত ধাৰাবাহিক অভিযান চলাইছিল ৷ 2023 চনৰ আগষ্ট মাহত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে মজুত কৰাৰ অভিযাগত মাওবাদী বিদ্ৰোহী গোটৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছিল বিস্ফোৰক সামগ্ৰী, ড্ৰোন আৰু লেথ মেচিন ৷ ইয়াৰ পিচতে নিয়াই মাওবাদী গোটৰ সদস্যক বিচাৰি ধাৰাবাহিক অভিযান আৰু তালাচী চলোৱা পৰিলক্ষিত হৈছিল ।

কোথাগুডেমৰ চেৰলা মণ্ডলত জুন মাহত তিনিজন বিদ্ৰোহী নেতাৰ পৰা বিস্ফোৰক সামগ্ৰী, ড্ৰ’ন আৰু এটা লেথ মেচিন জব্দ কৰাৰ পিছত NIA য়ে এই ঘটনাৰ সৈতে 12 গৰাকী লোক জড়িত থকা বুলি অভিযোগ তুলিছিল আৰু অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

উল্লেখ্য যে, নিৰাপত্তাৰক্ষী আৰু মাওবাদী বিদ্ৰোহী গোটৰ নেতাৰ মাজত হোৱা সঘনাই সংঘৰ্ষত কেবাজনো বিদ্ৰোহী গোটৰ সদস্য নিহত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:Manipur CM on Manipur violence: মণিপুৰৰ সংঘৰ্ষক গোষ্ঠী সংঘৰ্ষৰ বিপৰীতে প্ৰৰোচিত সংঘৰ্ষ আখ্যা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ

ABOUT THE AUTHOR

...view details