নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী :উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত এনআইএয়ে অভিযান চলাইছে (NIA raid in North India) । মঙলবাৰে পুৱা তদন্তকাৰী সংস্থাটোৱে কেইবাখনো ৰাজ্যৰ ৭০ টাকৈ স্থানত গেংষ্টাৰ-সন্ত্ৰাসবাদী সম্পৰ্কীয় গোচৰত অভিযান আৰম্ভ কৰিছে । সূত্ৰৰ মতে, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী আৰু অন্যান্য ৰাজ্যৰ একাধিক স্থানত চলি আছে এই গেংষ্টাৰ বিৰোধী অভিযান । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে পিলিভিট, প্ৰতাপগড়ৰ লগতে কেইবাটাও স্থানত এই অভিযান অব্যাহত ৰাখিছে ।
গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটৰ সৈতে সম্পৰ্কিত স্থানসমূহত এই অনুসন্ধান অব্যাহত আছে (Operation against Lawrence Bishnoi gang)। ইতিমধ্যে, যোৱা বছৰ নৱেম্বৰত পাঞ্জাৱৰ ৰূপনগৰ জিলাত অভিযান চলাই এই গোটৰ চাৰিজন সদস্যক আটক কৰা হৈছিল । এই গেংষ্টাৰসকলৰ বিৰুদ্ধে হত্যা আৰু অবৈধ অস্ত্ৰ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।
এসপ্তাহৰ পূৰ্বে, NIAৰ বিষয়াসকলে গেংষ্টাৰ নেক্সাছ নেটৱৰ্কৰ বাবে চিৰচা-ভিত্তিক লজিষ্টিক প্ৰদানকাৰী আৰু অস্ত্ৰ সৰবৰাহকাৰী এজনক আটক কৰিছিল । কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ভাৰত আৰু বিদেশত থকা কেইবাজনো অপৰাধী গেংষ্টাৰক চিনাক্ত কৰিছে যিসকলে সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ পৰিকল্পনা আছে । এগৰাকী বিষয়াই কোৱা মতে হাৰিয়ানা আৰু পাঞ্জাৱৰ বিভিন্ন স্থানত চলি থকা সন্ত্ৰাসবাদী-অপৰাধী চিণ্ডিকেটক উৎখাত কৰাৰ এনআইএৰ পদক্ষেপৰ অংশ হিচাপে অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ।