নেশ্যনেল ডেস্ক, ২২ ছেপ্টেম্বৰ :দেশজুৰি পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুক পিএফআই সংগঠনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (NIA) বৃহৎ অভিযান (NIA operation against PFI)। দেশৰ প্ৰায় ১০ খন ৰাজ্যৰ পৰা ১০০ৰো অধিক পিএফআই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে (Over 100 PFI leader arrested in India)। বৃহস্পতিবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি NIA, ED আৰু আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এই বৃহৎ সংখ্যক পিএফআই কৰ্মীক ।
দেশ বিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰাৰ অভিযোগত সংগঠনৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান । ইফালে সংস্থাটোৱে উল্লেখ কৰা মতে এয়া সংস্থাটোৰ সৰ্ববৃহৎ অভিযান । সূত্ৰৰ মতে পিএফআই আৰু ৰাজ্যিক সমিতিৰ কাৰ্যালয়ৰ উপৰিও ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় নেতাসকলৰ বাসগৃহত NIAৰ দলে অভিযান চলাইছে ।
১০ ৰাজ্যৰ ভিতৰত অন্যতম অসম । অসমৰ গুৱাহাটীকে ধৰি কেইবাটাও স্থানত পিএফআইৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰায় ৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে (PFI leader arrested in Assam)। অসমৰ উপৰিও তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু কেইবাখনো ৰাজ্যত চলোৱা হৈছে এই অভিযান ।