নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ :উগ্ৰপন্থী কাৰ্যকলাপৰ যোগসূত্ৰ বিচাৰি নিয়াৰ মাৰাথন অভিযান ৷ অভিযানৰ অংশ হিচাবে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই চণ্ডীগড় আৰু জম্মু-কাশ্মীৰত আৰম্ভ কৰিছে তালাচী (NIA raids in Chandigarh and JK ) ৷ শনিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে চলালে এই অভিযান ৷ একাংশ সন্দেহযুক্ত লোকৰ পুঁজিৰ বিৰুদ্ধে নিয়াই চলাইছে এই মাৰাথন অভিযান । কেইবাজনো ব্যক্তিৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা পুঁজি সম্বন্ধীয় গোচৰৰ সৈতে সম্পৰ্ক আছে বুলি এন আই এৰ বিষয়াসকলে সন্দেহ কৰিছে আৰু ক্ষীপ্ৰ কৰি তুলিছে এই অভিযান ।
শুকুৰবাৰে এন আই এয়ে কাশ্মীৰ উপত্যকাটোৰ কেইবাটাও স্থানত অভিযান চলায় ৷ উগ্ৰপন্থীৰ সৈতে ধনৰ লেন-দেন সম্বন্ধীয় এটা গোচৰৰ তথ্য-প্ৰমাণ বিচাৰি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে উপত্যকাটোৰ কেইবাটাও স্থানত এই অভিযান চলায় বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ৷ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি এন আই এৰ গোটটোৱে উগ্ৰপন্থীৰ সৈতে ধনৰ লেন-দেন সম্বন্ধীয় গোচৰটোৰ বাবে কাশ্মীৰ উপত্যকাৰ ১৩ টাকৈ স্থানত অভিযান চলায় । দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ দুটাকৈ স্থানতো ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযান চলায় ।