নেশ্যনেল ডেস্ক, 3 এপ্ৰিল:28 টা মষ্ট ৱাণ্টেড গেংষ্টাৰৰ নাম প্ৰকাশ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAৰ ৷ এই তালিকাৰ শীৰ্ষত আছে পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাৰী গোল্ডি ব্ৰাৰ ৷ NIA প্ৰস্তুত কৰা এই তালিকাত নাম তথা বেছি সংখ্যক গেংষ্টাৰেই বিদেশৰ ভূমিত অৱস্থান কৰি আছে (Gangsters list by NIA)৷
উল্লেখ্য যে, শেহতীয়াকৈ গেংষ্টাৰ গোল্ডি ব্ৰাৰক আমেৰিকাত আটক কৰা খবৰ লাভ কৰা গৈছিল (Goldie Brar)৷ এই কথা নিশ্চিত কৰিছিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ৷ অৱশ্যে এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কোনো নিশ্চিত তথ্য প্ৰদন কৰা নাই (National Investigation Agency) ৷
NIAএ প্ৰকাশ কৰা তথ্য অনুসৰি আটাইকেইটা মষ্ট ৱাণ্টেড গেংষ্টাৰেই বিদেশৰ ভূমিৰ পৰা ভাৰতত অবৈধ ব্যৱসায় চলাই আছে ৷ লগতে গেংষ্টাৰ কেইটাৰ বিৰুদ্ধে আছে ভাৰতত হত্যা, ধনদাবী, অস্ত্ৰৰ চোৰাং ব্যৱসায় আদিৰ সৈতে জড়িত থকাৰ অভিযোগ ৷ NIA প্ৰকাশ কৰা 28 টা গেংষ্টাৰৰ ভিতৰত 9 টা গেংষ্টাৰে কানাডাত আৰু 5 টাই আমেৰিকাত আত্মগোপন কৰি থকা বুলি তথ্য লাভ কৰা গৈছে ৷
NIAৰ তালিকাত অন্তৰ্ভুক্ত কিছু গেংষ্টাৰ হৈছে পঞ্জাৱ আৰু ৰাজস্থানৰ বাসিন্দা ৷ গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু বাম্বিহা দলৰ সৈতে সম্পৰ্ক আছে এইসকলক অপৰাধীৰ ৷ NIAৰ মতে, এই গেংষ্টাৰকেইটাই দেশত অপৰাধ সংঘটিত কৰি ভুৱা পাছপোৰ্টলৈ বিদেশলৈ পলাই যায় ৷ প্ৰতিবেদন অনুসৰি লৰেন্স বিষ্ণৈৰ ভায়েক আনমোল আৰু ভতিজাক শচীন থাপানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে (Gangster list prepared by NIA) ৷
ইয়াৰ উপৰিও, বাম্বিহা দলৰ লাকী পাটিয়ালো NIAৰ তালিকাত আছে ৷ প্ৰতিবেদন অনুসৰি তেওঁ বৰ্তমান আৰ্মেনিয়াত আত্মগোপন কৰি আছে ৷ তেওঁৰ সহযোগী সুখপ্ৰীত বুধা বৰ্তমান কাৰাগাৰত আছে ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে কেইমাহমান আগতে পাকিস্তানত মৃত্যু হোৱা বুলি চৰ্চা হোৱা সন্ত্ৰাসবাদী হৰবিন্দৰ ৰিন্দাও তালিকাত আছে ৷ অৱশ্যে কোনেও আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰা নাই ৷
NIAয়ে নাম প্ৰকাশ কৰা গেংষ্টাৰ কেইটা হ’ল-
1. গোল্ডি ব্ৰাৰ ওৰফে সতীন্দৰজিৎ সিং, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
2. আনমোল বিষ্ণৈ, আমেৰিকা যুক্তৰাষ্ট্ৰ
3. কুলদীপ সিং, ইউ.এ.ই.
4. জগজিৎ সিং, মালয়েছিয়া
5. ধৰ্ম কাহলন, আমেৰিকা যুক্তৰাষ্ট্ৰ
6. ৰোহিত গোদাৰা, ইউৰোপ
7. গুৰবিন্দৰ সিং, কানাডা
8. শচীন থাপান, আজাৰবাইজান
9. সতবীৰ সিং, কানাডা
10. চানৱাৰ ধিলন, কানাডা
11. ৰাজেশ কুমাৰ, ব্ৰাজিল