অসম

assam

ETV Bharat / bharat

৭ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIAৰ - চাৰ্জশ্বীট

তেহৰিক-উল-মুজাহিদীনৰ ৭টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই । দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ বাবে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰা আৰু জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কুৱেইটত থকা সহযোগী সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসজনিত কাৰ্য সম্পাদন কৰা সহযোগ কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ।

NIA has filed a charge sheet against 7 terrorists of Tehreek Ul Mujahideen
৭টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIAৰ

By

Published : Jun 25, 2021, 5:45 PM IST

নেশ্য়নেল ডেস্ক, ২৫ জুন: দেশত সন্ত্ৰাসবাদৰ আতংক বিয়পোৱা কাৰ্যৰে জড়িত থকা তেহৰিক-উল-মুজাহিদীনৰ ৭টা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই । সংস্থাটোৰ মুখপাত্ৰই কয় যে, সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থাই বৃহস্পতিবাৰে জম্মুৰ এখন বিশেষ NIA আদালতত এই চাৰ্জশ্বীট দাখিল কৰে । তেহৰিক-উল-মুজাহিদীনৰ সক্ৰিয় সদস্য মহম্মদ মুস্তাফা খান, মহম্মদ য়াছিন, মহম্মদ ফাৰুক, মহম্মদ ইব্ৰাৰ, মহম্মদ জাভেদ খান, শ্বেৰ আলী আৰু মহম্মদ ৰফিক নাই ওৰফে চুলতানৰ বিৰুদ্ধে অস্ত্ৰ আইন, বিস্ফোৰক পদাৰ্থ আইন আৰু এন ডি পি এছ আইনৰ কেইবাটাও ধাৰাৰ অধীনত চাৰ্জশ্বীট দাখিল কৰে ।

দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ বাবে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰা আৰু জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কুৱেইটত থকা সহযোগী সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসজনিত কাৰ্য সম্পাদন কৰা সহযোগ কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই । যোৱা বছৰৰ ২৭ ডিচেম্বৰত জম্মু-কাশ্মীৰৰ আৰক্ষীয়ে মহম্মদ মুস্তাফা খান গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা বহু নথি-পত্ৰসহ ৬টা হেণ্ড গ্ৰেনেড জব্দ কৰে । পুঞ্চ জিলাৰ মেন্ধাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চলিত বৰ্ষৰ ১৬ মাৰ্চত এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মুখপাত্ৰগৰাকীয়ে কয় যে, তদন্তৰ সময়ত পোহৰলৈ আহিছে যে, চাৰ্জশ্বীট দাখিল কৰা ৭ জন অভিযুক্তই দেশত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ বাবে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰা আৰু জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু কুৱেইটত থকা সহযোগী সন্ত্ৰাসবাদীয়ে দেশত সন্ত্ৰাসজনিত কাৰ্য সম্পাদন কৰা সহযোগ কৰিছিল ।

মুখপাত্ৰজনে জনোৱা মতে, পলাতক অভিযুক্ত ৰফিক নাই আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা মহম্মদ মুস্তাফা, মহম্মদ য়াছিন, মহম্মদ ফাৰুক, মহম্মদ ইব্ৰাৰ, মহম্মদ জাভেদে আৰু পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰে তেওঁলোকৰ সৈতে জড়িত সন্ত্ৰাসবাদীক ভাৰতীয় ভূ-খণ্ডলৈ অস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক, নিচাজাতীয় সামগ্ৰী আদি চোৰাংকৈ সৰবৰাহ কৰাত সহায় কৰিছিল । তদন্তৰ সময়ত পুঞ্চৰ বিভিন্ন স্থানত লুকুৱাই ৰখা সন্ত্ৰাসবাদী সংগঠন তেহৰিক-উল-মুজাহিদীনৰ পতাকা, পোষ্টাৰ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয় । বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰীও জব্দ কৰা হৈছে বুলি জানিবলৈ দিছে মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক:ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details