অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱানৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল - অবৈধ কাৰ্য-কলাপ প্ৰতিৰোধী আইন

সন্ত্ৰাসবাদী সংগঠন হিজাবুল মুজাহিদিনৰ সক্ৰিয় সদস্য তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱান নৱীদ মুস্তাক শ্বাহ ওৰফে নৱীদ বাবুৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বীট দাখিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ । ২০১৯ চনত জম্ম-কাশ্মীৰৰ বনিহালত চি আৰ পি এফৰ জোৱান থকা বাহনত হোৱা আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে নৱীদ বাবুৰ বিৰুদ্ধে ।

NIAৰ ৰোষত পৰিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱান
NIAৰ ৰোষত পৰিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱান

By

Published : Feb 13, 2021, 6:23 PM IST

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী: শনিবাৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱান নৱীদ মুস্তাক শ্বাহৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱানজন বৰ্তমান সন্ত্ৰাসবাদী সংগঠন হিজাবুল মুজাহিদিনৰ সক্ৰিয় সদস্য । ২০১৯ চনত জম্ম-কাশ্মীৰৰ বনিহালত চি আৰ পি এফৰ জোৱান থকা বাহনত হোৱা আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে নৱীদ মুস্তাক শ্বাহ ওৰফে নৱীদ বাবুৰ বিৰুদ্ধে ।

চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সংকেত দিয়া আৰু নিৰপত্তাৰক্ষীসকলক হত্যা কৰাৰ উদ্দেশ্যেৰে বনিহালত ২০১৯ চনৰ ৩০ মাৰ্চত চি আৰ পি এফৰ জোৱান থকা বাহনৰ সমীপতে বিস্ফোৰকভৰ্তি এখন চেন্ট্ৰ' গাড়ী সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটায় । ২০১৯ চনৰ ১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই পুনৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ মুখপাত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে অবৈধ কাৰ্য-কলাপ প্ৰতিৰোধী আইন, বিস্ফোৰক সামগ্ৰী আইন, জম্মু-কাশ্মীৰ ৰাজহুৱা সম্পত্তি(ধ্বংস হোৱাৰ পৰা প্ৰতিৰোধ কৰা) আইনকে ধৰি কেইবাটাখনো আইনৰ বিভিন্ন ধাৰাৰ অধীনত NIAৰ বিশেষ আদালতত প্ৰাক্তন আৰক্ষী জোৱান নৱীদ মুস্তাক শ্বাহৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰে ।

জম্মু-কাশ্মীৰত আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত হৈ থকা নৱীদ মুস্তাকক ২০২৭ চনত বুধগামৰ এফ চি আইত নিৰাপত্তা ৰক্ষী হিচাপে নিয়োজিত কৰা হৈছিল । তেতিয়াৰে পৰা অস্ত্ৰ-শস্ত্ৰসহ নিৰুদ্দেশ হৈ আছিল নৱীদ মুস্তাক । পিছত নৱীদ মুস্তাকে সন্ত্ৰাসবাদী সংগঠন হিজাবুল মুজাহিদিনত যোগদান কৰে । তদন্তৰ পিছত পোহৰলৈ আহিছে যে, ২০১৯ চনত জম্ম-কাশ্মীৰৰ বনিহালত চি আৰ পি এফৰ জোৱান থকা বাহনত হোৱা আক্ৰমণৰ সৈতে নৱীদ জড়িত হৈ আছিল ।

নৱীদক এই কামত সহায় কৰিছিল ৰিয়াজ আহমেদ নাইকো, ৰয়ীজ আহমেদ খান আৰু ড০ ছৈফুল্লা মীৰ নামৰ আন কেইটামান সন্ত্ৰাসবাদীয়ে । আনহাতে, সংঘৰ্ষত নিহত হোৱা ছাহিল আব্দুল্লা ভাট, আদিল বছিৰ শ্বেইখ আৰু জুবেইৰ আহমেদ ৱানীও বিস্ফোৰণৰ প্ৰস্তুতি চলোৱাত আৰু আই ই ডি প্ৰস্তুত কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছিল । শনিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই হিজাবুল মুজাহিদিনৰ মুঠ ৬জন সক্ৰিয় সদস্যৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে ।

লগতে পঢ়ক:চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন

ABOUT THE AUTHOR

...view details