নেশ্যনেল ডেস্ক,১৩ জুলাই :মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । ইয়াৰ মাজতে এনআইএয়ে নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ ধন দাবীৰ এক গোচৰত অভিযোগনামা দাখিল কৰিছে । ম্যানমাৰৰ এগৰাকী নাগৰিককে ধৰি তিনিজনলোকৰ বিৰুদ্ধে NIAয়ে অভিযোগনামা দাখিল কৰিছে । জানিব পৰা মতে বুধবাৰে ইম্ফলৰ এন আই এৰ বিশেষ আদালতত পিআৰএ (পিপলছ ৰিভলিউচনেৰী আৰ্মি), কেচিপি (কাংলেইপাক কমিউনিষ্ট পাৰ্টি), প্ৰেপাক (পিপলছ ৰিভলিউচনেৰী পাৰ্টি অফ কাংলেইপাক) আৰু ইউএনএলএফ (ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট) উগ্ৰপন্থী সংগঠনৰ ৩ কেডাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ।
সূত্ৰৰ মতে অভিযুক্তসকলৰ বিৰুদ্ধে আইপিচি আৰু ইউএ(পি)এ আইন ১৯৬৭ ৰ অধীনত গোচৰ ৰুজু হৈছে । অভিযুক্তসকলৰ ভিতৰত এজন ম্যানমাৰৰ নাগৰিক আছে বুলি জানিব পৰা গৈছে । তিনিওজনক ম্যানমাৰৰ ৩৮ বছৰীয়া দীপক শৰ্মা ওৰফে খিনমাউং, মণিপুৰৰ সুৰজ জাচিৱাল আৰু মণিপুৰৰ শ্বেইখোম ব্ৰুছ মিতেই বুলি চিনাক্ত কৰা হৈছে । ম্যানমাৰৰ দীপক শৰ্মাৰ বিৰুদ্ধে অতিৰিক্তভাৱে বিদেশী আইন, ১৯৪৬ ৰ অধীনত ধাৰা সন্নিৱিষ্ট কৰা হৈছে ।
NIAৰ এগৰাকী বিষয়াই কোৱা মতে অভিযুক্তসকলে উগ্ৰপন্থী সংগঠনসমূহৰ কাৰ্যকলাপ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে পুঁজি সংগ্ৰহ কৰি আহিছিল । ঘটনাৰ অনুসন্ধানত প্ৰকাশ পাইছে যে নিষিদ্ধ সংগঠনসমূহৰ কেডাৰসকলে সংগঠনৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ ইম্ফল আৰু মণিপুৰৰ উপত্যকা অঞ্চলৰ সাধাৰণ নাগৰিকসকলক ধন দাবী কৰি আহিছিল ।