নেশ্যনেল ডেস্ক,৯ জানুৱাৰী: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (National Investigation Agency) বিগত বছৰত পশ্চিম বংগত দুটা সম্প্ৰদায়ৰ সদস্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ সম্পৰ্কীয় এটা গোচৰত ১৪ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । ফেডাৰেল এজেঞ্চীৰ এজন মুখপাত্ৰই কয় যে ভাৰতীয় দণ্ডবিধিৰ বিস্ফোৰক পদাৰ্থ আইনৰ বিভিন্ন ধাৰাৰ অধীনত শনিবাৰে কলকাতাৰ NIA ৰ এখন আদালতত অভিযোগনমা দাখিল কৰা হৈছিল ।
১০ অক্টোবৰ, ২০২২ তাৰিখে একবলপুৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা আৰু আঠ দিনৰ পিছত NIA ৰ দ্বাৰা পুনৰ পঞ্জীয়ন কৰা এই গোচৰটো আছিল ইটা, শিল নিক্ষেপ আৰু ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়লৈ বোমা নিক্ষেপ কৰাৰ দৰে দুটা সম্প্ৰদায়ৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষৰ সৈতে সম্পৰ্কীয়(Communal violence in West Bengal) । তেওঁলোকে আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰি, ওচৰত ৰখাই থোৱা বাহনসমূহৰ ক্ষতি সাধন কৰাৰ লগতে একবালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত আৰক্ষী কৰ্মীসকলক আক্ৰমণ কৰি তেওঁলোকক চৰকাৰী দায়িত্ব পালন কৰাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ।