নিউজ ডেস্ক,৫ মাৰ্চ:দিল্লীত আইএছআইএছ আক্ৰমণৰ ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদী ইমৰান খান পাথনক শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ আদালতে সাত বছৰৰ কঠোৰ কাৰাদণ্ডৰ ঘোষণা কৰে ।
বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে মুছলমান যুৱকসকলক একত্ৰিত কৰি আৰু নিয়োগ কৰি ভাৰতত আইএছআইএছৰ দ্বাৰা কূটাঘাটৰ পৰিকল্পনা কৰাৰ কু-ষড়যন্ত্ৰৰ বিৰুদ্ধে এন আই এৰ দ্বাৰা ২০১৫চনৰ ৯ ডিচেম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল । আনকি বহুতো যুৱকে আইএছআইএছ ৰ প্ৰতি আকৰ্ষিত হৈ ভাৰত ত্যাগ কৰি সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছিল ।