নিউজ ডেস্ক, 25 মে’: NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে য়াছিন মালিকক (Life imprisonment for Yasin Malik )৷ সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ অভিযোগত এই শাস্তি ঘোষণা কৰা হৈছে মালিকক(NIA Court announces sentence) ৷ ইয়াৰ পূৰ্বে দিল্লী আদালতত কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ বিৰুদ্ধে মৃত্যুদণ্ড বিচাৰি আবেদন কৰিছিল NIA ই ৷ মালিকে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰাৰ বাবে UAPA আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ দোষ স্বীকাৰ কৰা বুলি NIA-ৰ আদালতে জানিবলৈ দিছে ৷
বিশেষ ন্যায়াধীশ প্ৰৱীন সিঙক সংস্থাটোৱে কয় যে, কাশ্মীৰীসকলৰ দেশত্যাগৰ ঘটনাৰ বাবে জগৰীয়া য়াছিন মালিক ৷ এক সুত্ৰৰ মতে, মালিকে ক্ষমা বিচাৰি আবেদন কৰিব নোৱাৰে বুলি জনাইছিল ৷ সেই বিষয়ত আদালতে বিবেচনা কৰি সিদ্ধান্ত ল'ব পাৰে বুলিও মালিকে উল্লেখ কৰিছিল ৷ মালিকক সহায় কৰিবলৈ আদালতৰ দ্বাৰা নিযুক্ত এমিকাছ কিউৰীয়ে নিম্নতম শাস্তি প্ৰদানৰ বাবে আবেদন কৰিছিল ৷ অৰ্থাৎ তেওঁ আজীৱন কাৰাদণ্ড বিচাৰিছিল ৷
ইফালে, মালিকে কৈছিল যে ভাৰতীয় চোৰাংচোৱাই যদি প্ৰমাণ কৰিব পাৰে যে তেওঁ ২৮ বছৰত কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ বা হিংসাত জড়িত আছিল, তেন্তে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ ল'ব ৷ সিদ্ধান্তটো মালিকে আদালতৰ ওপৰত এৰি দিছিল ৷ মালিকৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা, দেশৰ বিৰুদ্ধে যুদ্ধ কৰা, অন্যান্য বেআইনী কাৰ্যকলাপ আৰু কাশ্মীৰত শান্তি বিঘ্নিত কৰাৰ অভিযোগ আৰোপ কৰা হৈছে । তেওঁ এই সমূহ অভিযোগৰ দোষ স্বীকাৰ কৰিছে (Yasin Malik awarded life imprisonment) ।