অসম

assam

চি আৰ পি এফ কেম্প আক্ৰমণৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল

By

Published : Jan 1, 2021, 10:42 PM IST

জম্বুৰ বিশেষ ন্যায়াধীশ সুনীত গুপ্তাই শুকুৰবাৰে পুলৱামাৰ লেথপোৰা চি আৰ পি এফ ৰ কেম্প আক্ৰমণত অভিযুক্ত 4 জন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে । অভিযুক্ত চাৰিজন ক্ৰমে ফৈজ আহমদ মাগ্ৰে, নিচাৰ আহমদ তানট্ৰে, চৈয়দ হিলাল আণ্ডৰবিয়া আৰু ইৰশ্বাদ আহমদ ৰেছি ।

NIA court frames charges against four in Lethpora CRPF camp attack case
চি আৰ পি এফ কেম্প আক্ৰমণৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট দাখিল

নিউজ ডেস্ক, 1 জানুৱাৰী :জম্বুৰ বিশেষ ন্যায়াধীশ সুনীত গুপ্তাই শুকুৰবাৰে পুলৱামাৰ লেথপোৰা চি আৰ পি এফৰ কেম্প আক্ৰমণত জড়িত থকাৰ অভিযোগত 4 গৰাকী জন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে । অভিযুক্ত চাৰিজন হৈছে ফৈজ আহমদ মাগ্ৰে, নিচাৰ আহমদ তানট্ৰে, চৈয়দ হিলাল আণ্ডৰবিয়া আৰু ইৰশ্বাদ আহমদ ৰেছি ।

এন আই এৰ বিশেষ ন্যায়ধীশ গৰাকীৰ মতে, জইছ-ই-মহম্বদে জম্বু-কাশ্মীৰত অৱস্থিত তেওঁলোকৰ সক্ৰিয় সদস্য আৰু সমৰ্থকসকলৰ সহযোগত পৰিকল্পনা কৰি চি আৰ পি এফৰ কেম্পটোত আক্ৰমণ কৰিছিল ৷

অভিযুক্ত কেইজনে অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদেৰে 2017 চনৰ 30-31 ডিচেম্বৰত কেম্পটোৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু চি আৰ পি এফৰ জোৱান সকলৰ ওপৰত আক্ৰমণ চলাইছিল ৷ উক্ত আক্ৰমণত চি আৰ পি এফৰ 5 গৰাকীকৈ জোৱান নিহত হৈছিল আৰু 3 গৰাকী জোৱান গুৰুতৰভাৱে আহত হৈছিল ৷

লগতে পঢ়ক :Covishield-ৰ আপাতকালীন ব্যৱহাৰৰ বাবে DCGIক প্ৰস্তাৱ প্ৰদান কৰাৰ সম্ভাৱনা SEC ৰ

ABOUT THE AUTHOR

...view details