নেশ্যনেল ডেস্ক, 10 জুলাই :মুম্বাইৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে থকা মানি লণ্ডাৰিং গোচৰৰ (money laundering case) নতুন মোৰ । এই গোচৰ সন্দৰ্ভত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটক (ED) ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আদালতে বিশেষ অনুমতি প্ৰদান কৰে । গোচৰটো সন্দৰ্ভত তালোজা কাৰাগাৰত বন্দী মুম্বাই আৰক্ষীৰ নিলম্বিত বিষয়া শচীন ৱাজেৰ ভাষ্য সংগ্ৰহৰ বাবে NIA আদালতে অনুমতি দিয়ে । ইফালে ED ৰ বিষয়াসকলে নিশ্চিত কৰে যে তেওঁলোকৰ এটা দলে শনিবাৰে ৱাজেৰ ভাষ্য সংগ্ৰহৰ বাবে তালোজা কাৰাগাৰলৈ যাব ।
তদন্ত সংস্থাটোৱে পূৰ্বে আদালতক জনোৱা মতে, বিভিন্নবাৰ মালিকক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল ৷ তেওঁলোকে সংস্থাটোক স্পষ্টকৈ কৈছে যে ২০২০ চনৰ ডিচেম্বৰত শচীন ৱাজেক গুড লাক মানি (Good luck money) হিচাপে ৪০ লাখ টকা দিছিল ৷ যেতিয়া ৱাজে অপৰাধ অনুসন্ধান গোটৰ (CIU) মুৰব্বী আছিল । ED য়ে আদালতক লগতে কৈছিল যে বাৰৰ মালিকসকলে মুম্বাই আৰক্ষীৰ জ'ন (Zone) ১-৭ আৰু জ'ন ৮-১২ লৈ ক্ৰমে ১.৬৪ কোটি আৰু ২.৬৬ কোটি টকা দিছিল ।
শচীন ৱাজেয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৪.৭৭ কোটি টকা সংগ্ৰহ কৰি ধনখিনি কুন্দন চিন্দেক হস্তান্তৰ কৰিছে ।