অসম

assam

By

Published : Nov 18, 2021, 10:25 PM IST

ETV Bharat / bharat

NIA conducts searches: তেলেংগানা আৰু অন্ধ্ৰৰ 14 স্থানত অভিযান

তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত মাওবাদীৰ সন্ধানত NIAৰ তালাচী অভিযান ৷ নিষিদ্ধ চিপিআইৰ সন্ধানত14 টা স্থানত তালাচী অভিযান ৷

nia-conducts-searches-at-14-locations-in-telangana-andhra
তেলেংগানা আৰু অন্ধ্ৰৰ 14 স্থানত অভিযান

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ :বিভিন্ন কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ বাবে সন্ত্ৰাসবাদীয়ে বিগত সময়ছোৱাত কেইবাবাৰো ভাৰতবৰ্ষক লক্ষ্য কৰি লৈছে ৷ কিন্তু সন্ত্ৰাসবাদীৰ এই কূটাঘাটমূলক কাৰ্য প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সদায়ে সষ্টম ভূমিকা গ্ৰহণ কৰিছে ৷

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া(NIA)ই বৃহস্পতিবাৰে তেলেংগানা(Telangana) আৰু অন্ধ্ৰপ্ৰদেশত(Andhra Pradesh)ত মাওবাদীৰ সন্ধানত বিভিন্ন স্থানত চলায় তালাচী অভিযান ৷ নিয়া(NIA)ই বামপন্থী উগ্ৰবাদ(LWE)ৰ গোচৰৰ সন্দৰ্ভত নিষিদ্ধ চিপিআই (Maoist)ৰ সন্ধানত ৰাজ্য দুখনৰ 14 টা স্থানত চলায় অভিযান ৷

ইফালে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে দেশৰ নিৰাপত্তাকৰ্মীৰ ওপৰত হোৱা আক্ৰমণকে ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে পৰিকল্পনা আৰু প্ৰস্তুতি চলাই থকাৰ অভিযোগত শুকুৰবাৰে চি পি আই-মাওবাদী(Communist Party of IndiaMaoist) ৰ সাতজন সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

তেওঁলোকৰ ওপৰত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছিল ৷

যি সকলৰ বিৰুদ্ধে নিয়াই গোচৰ ৰুজু কৰিছে সেই সকলৰ ভিতৰত অন্যতম হ’ল Most Wanted মাদৱী হিদমা (Madvi Hidma) ৷ উল্লেখযোগ্য যে, অভাৰগ্ৰাউণ্ড কৰ্মীসকলৰ (Overground Workers) সৈতে লগ হৈ নিৰাপত্তা কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলাই গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে উচটনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে হিদমাৰ বিৰুদ্ধে ৷

লগতে পঢ়ক :NIAৰ জালত সন্দেহযুক্ত ISIS সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details