নেশ্যনেল ডেস্ক, 8 জুলাই : দেওবাৰে পুৱাই জম্মু আৰু কাশ্মীৰৰ বিভিন্ন অঞ্চলত অভিযান চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই ৷ কাশ্মীৰৰ কেইবাখনো জিলাত এই অভিযান চলায় সংস্থাটোৱে ৷ অভিযানকাৰী দলৰ সৈতে চি আৰ পি এফ জোৱানো আছিল ৷
উল্লেখ্য যে, নিসিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইছলামীৰ জ্যেষ্ঠ সদস্য লুকাই থকাৰ সন্দেহ কৰা অঞ্চলসমূহত এই অভিযান চলোৱা হয় ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি সন্দেহযুক্ত প্ৰায় 80 টা স্থানত চলোৱা হৈছে এই অভিযান ৷