নেশ্যনেল ডেস্ক,২৭ মে' :সন্ত্ৰাসবাদী সংগঠন ISISৰ বিৰুদ্ধে এনআইএৰ সফল অভিযান (NIA operation against ISIS)। শনিবাৰে মধ্য প্ৰদেশ আৰক্ষীৰ এটিএছৰ সহযোগত এনআইএৰ এটা দলে আইএছআইএছৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় (NIA busts ISIS terror module)। অভিযানকাৰী দলটোৱে তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছে । এনআইএয়ে কোৱা মতে ২৬-২৭ মে'ত জবলপুৰৰ ১৩ টা স্থানত অভিযান চলোৱা হৈছিল । সেই অভিযানৰ সময়তে ৩ জনক গ্ৰেপ্তাৰ কৰা হয় ।
অভিযানৰ সময়ত বিভিন্ন নিষিদ্ধ সামগ্ৰী, আপত্তিজনক নথিপত্ৰ, ডিজিটেল সামগ্ৰীকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰা হয় । জানিব পৰা মতে ধৃত লোককেইজন ক্ৰমে চৈয়দ মামূৰ আলী, মহম্মদ আদিল খান আৰু মহম্মদ শ্বাহিদ (NIA arrests 3 ISIS module)। তিনিওজনকে ভূপালৰ এন আই এৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ।
২০২২ চনৰ আগষ্টত সংস্থাটোৰ দৃষ্টিলৈ আহিছিল মহম্মদ আদিল খান । আইএছআইএছ পন্থী কাৰ্যকলাপৰ বাবে খানৰ বিৰুদ্ধে এনআইএয়ে ২৪ মে'ত এটা গোচৰো পঞ্জীয়ন কৰিছিল । এনআইএ-য়ে জানিবলৈ দিয়া মতে খান আৰু তেওঁৰ সহযোগীসকল সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে আই.এছ.আই.এছ.-ৰ প্ৰচাৰত জড়িত আছিল । ভাৰতত হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণ আৰম্ভ কৰাৰ বাবে 'দাৱা' কাৰ্যসূচীৰ সৈতেও তেওঁলোক জড়িত থকাৰ অভিযোগ আছে । এনআইএয়ে দাবী কৰা মতে চক্ৰটোৱে স্থানীয় মছজিদ, বাসগৃহ আৰু দেশত সন্ত্ৰাস বিয়পাবলৈ ষড়যন্ত্ৰ ৰচনা কৰি আছিল ।