নিউজ ডেস্ক, ২০ মে' :শ্ৰীনগৰত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকৰ (G20 meeting in Srinagar) পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাৰ একাধিক স্থানত সন্ত্ৰাসবাদী সংগঠনসমূহৰ সন্দেহযুক্ত সহযোগী আৰু আত্মগোপনকাৰী কৰ্মীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে (NIA raids in Jammu Kashmir) । এই অভিযান কাশ্মীৰ ডিভিজনৰ শ্ৰীনগৰ, পুলৱামা, কুপৱাৰা, অৱন্তীপোৰা আৰু অনন্তনাগৰ ১৬ টাতকৈও অধিক স্থানত আৰু জম্মু ডিভিজনৰ কেইবাটাও স্থানত চলি আছে ।
NIA-ৰ বিষয়াসকলে দক্ষিণ কাশ্মীৰৰ গুচু, নেহমা আৰু দফাৰপুৰা অঞ্চলতো অভিযান চলায় । সূত্ৰ অনুসৰি, জামাত-ই-ইছলামীৰ (Jamaat-e-Islami) সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে । অভিযানৰ সময়ত সন্দেহযুক্ত লোকৰ নথি-পত্ৰ, মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰা হয় ।
উল্লেখ্য, শনিবাৰে পুৱা পুলৱামা জিলাত অভিযান আৰম্ভ হয় । এই অভিযানত বৃহৎ সংখ্যক আৰক্ষী আৰু চিআৰপিএফ (Central Reserve Police Force) উপস্থিত থাকে । উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে তদন্ত সংস্থাটোৱে সন্ত্ৰাসবাদীৰ আৰ্থিক সাহায্য সন্দৰ্ভত জিলাসমূহৰ বিভিন্ন অঞ্চলত অভিযান চলাইছিল । এই সময়ছোৱাত পৰৱৰ্তী অনুসন্ধানৰ বাবে তদন্তকাৰী সংস্থাই তিনিজন লোকক জিম্মাত নিজৰ লয় ।