অসম

assam

ETV Bharat / bharat

মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই

মিজোৰামত বিস্ফোৰক পুনৰুদ্ধাৰ গোচৰৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) ৷ শেহতীয়াকৈ অসম ৰাইফলছে (Assam Rifles) মিজোৰামত ২২ জুনত দুজন লোকক আটক কৰিছিল আৰু ম্যানমাৰলৈ চোৰাংকৈ অনা বৃহৎ যুদ্ধসামগ্ৰীৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল ।

By

Published : Jul 31, 2021, 2:18 PM IST

NIA begins probe in Mizoram explosives case
মিজোৰামত বিস্ফোৰক পদাৰ্থ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰিব নিয়াই

নেশ্বনেল, 31 জুলাই :ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) মিজোৰামত বিস্ফোৰক পুনৰুদ্ধাৰ গোচৰৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ শনিবাৰে নিয়া(NIA)ই এই কথা স্পষ্ট কৰিছে । সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে(anti terror agency) বৃহস্পতিবাৰে এই তদন্তৰ দায়িত্ব গ্ৰহণ কৰে ৷ ইয়াৰ লগতে, গৃহ মন্ত্ৰণালয়ে বিষয়টোৰ তদন্ত হস্তান্তৰ কৰাৰ পিছত গোচৰটো পুনৰ পঞ্জীয়ন কৰে ৷

গোচৰটো পঞ্জীয়ন কৰা সময়তে অৰ্থাৎ ২৬ জুলাইত মিজোৰাম আৰু অসমৰ মাজত সীমা-বিবাদ আৰম্ভ হৈছিল । এই ঘটনা সন্দৰ্ভত অসম ৰাইফলছে ২২ জুনত দুজন লোকক আটক কৰিছিল আৰু ম্যানমাৰলৈ চোৰাংকৈ অনা বৃহৎ যুদ্ধসামগ্ৰীৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছিল । উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে ছয়টা কাৰ্টুনত থকা ৩,০০০ বিশেষ ডিটোনেটৰ (detonators), 37 পেকেটত 925 টা বৈদ্যুতিক ডিটোনেটৰ (electric detonators), চাৰিটা বাকচত 2,000 মিটাৰ দৈৰ্ঘ্যৰ ফিউজ(fuze), আৰু 63 বস্তা বিস্ফোৰক পদাৰ্থ(explosives substance) উদ্ধাৰ হয় ৷

ইয়াৰ লগতে প্ৰতিটো বস্তাত 10 পেকেট 2.08 কিলোগ্ৰাম ওজনৰ দ্বিতীয় শ্ৰেণীৰ জেডজেড বিস্ফোৰক পাউডাৰো(Class II Category ZZ explosive powder) উদ্ধাৰ হয় ৷

অসম ৰাইফলছৰ বিষয়াসকলে সন্দেহ কৰিছিল যে, বিস্ফোৰকবোৰ ম্যানমাৰ সেনাৰ বিৰুদ্ধে চীন নেচনেল আৰ্মীয়ে (CNA)ৰ ব্যৱহাৰৰ বাবে মিজোৰামৰ পৰা ম্যানমাৰলৈ নিয়া হৈছিল ৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মিজোৰামৰ ফাৰকাৱন ৰোড ট্ৰেক জংচন এলেকাত(Farkawn road track junction area) ২৩ চেক্টৰ অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে(Serchhip Battalion of 23 Sector Assam Rifles) এই অভিযান চলাইছিল । উদ্ধাৰ হোৱা সামগ্ৰী আৰু আটক কৰা লোকসকলক ডুংটালাং আৰক্ষী থানাক হস্তান্তৰ কৰা হৈছিল আৰু তাত এই সম্পৰ্কত এফআইআৰ (FIR) ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক :অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

ABOUT THE AUTHOR

...view details