নেচনেল ডেস্ক, ৩ জুলাই: ৰাজস্থানৰ উদয়পুৰত সংঘটিত দেশ কঁপোৱা দৰ্জী কানহায়া লালৰ হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় নে নহয় সেই সন্দৰ্ভত পৰস্পৰ বিৰোধী মন্তব্য আগবঢ়াইছে NIA আৰু ATS এ (NIA ATS contradictory statements on Udaipur murder)। আনহাতে, ৰাজস্থানৰ গৃহ ৰাজ্যমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয় যে, উদয়পুৰৰ ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ নহয় (Minister Rajendra Yadav comment on Udaipur incident )। যাদৱে শনিবাৰে সংবাদ মাধ্যমক কয় যে, NIAয়ে তেনে কোনো বিবৃতি দিয়া নাই । ইপিনে, অভিযুক্তৰ সৈতে বিৰোধী দলৰ নেতা গুলাবচান্দ কাটাৰিয়াৰ এখন ফটো থকাক লৈ চৰ্চা চলি থকা সন্দৰ্ভত গৃহ ৰাজ্যমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয় যে, অভিযুক্তজন তেওঁলোকৰ প’লিং এজেণ্ট আছিল (Rajastan Opposition leader Gulabchand Kataria)।
উদয়পুৰত দৰ্জী কানহায়া লালৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা NIA আৰু ATS এ বিৰোধী মন্তব্য আগবঢ়োৱাৰ সময়তে গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয়, "তেওঁ বিশ্বাস কৰিব নোৱাৰে যে, এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ আছিল । আনকি NIAয়ো এতিয়ালৈকে তেনে কোনো ইংগিত দিয়া নাই । বিৰোধী নেতা গুলাবচান্দ কাটাৰিয়াৰ সৈতে অভিযুক্তৰ ফটোখন পুনৰ ওলাই আহিছে আৰু অভিযোগ কৰা হৈছিল যে, তেওঁ তেওঁৰ পোলিং এজেণ্টো আছিল’’ ৷
ইপিনে, ৰাজ্যিক গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে এই সন্দৰ্ভত পুনৰ কয় যে, উদয়পুৰ হত্যাকাণ্ডই জনসাধাৰণৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছে । বিশেষকৈ অভিযুক্তই তেওঁলোকৰ ভয়ংকৰ কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি ইয়াক ৰাজহুৱা কৰাৰ পাছতে আতংকৰ সৃষ্টি হয় । অৱশ্য়ে যেতিয়াই হত্যা সংঘটিত হৈছিল অভিযুক্তজনে ভিডিঅ' প্ৰস্তুত কৰা নাছিল অথবা ৰাজহুৱা কৰা নাছিল বুলি উল্লেখ কৰি ইয়াৰ পৰিৱৰ্তে অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলিহে তেওঁ কয় ।