অসম

assam

By

Published : Jun 15, 2021, 9:17 PM IST

ETV Bharat / bharat

এণ্টিলিয়া বোমাতংক: পুনৰ দুজনক গ্ৰেপ্তাৰ NIAৰ

উদ্যোগপতি মুকেশ আম্বানী(Mukesh Ambani)ৰ বাসগৃহ 'এণ্টিলিয়া'ৰ বোমাতংক(Antilia bomb scare case)ৰ ঘটনাৰে জড়িত থকাৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ই । মঙলবাৰে আদালতে দুয়োজনকে ২১ জুন পৰ্যন্ত NIAৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

NIA arrests two more persons in Antilia bomb scare case
এণ্টিলিয়া কাণ্ডৰে জড়িত থকাৰ সন্দেহত পুনৰ দুজনক গ্ৰেপ্তাৰ কৰিলে NIAই

নেশ্যনেল ডেস্ক, ১৫ জুন: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই উদ্যোগপতি মুকেশ আম্বানী(Mukesh Ambani)ৰ মুম্বাইস্থিত বাসগৃহ 'এণ্টিলিয়া' বোমাতংক(Antilia bomb scare case) ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । শেহতীয়াকৈ এই গোচৰৰে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে অনুসন্ধানকাৰী সংস্থাটোৱে ।

ধৃত লোক দুজনক মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পাচত আদালতে ২১ জুন পৰ্যন্ত NIAৰ জিম্মালৈ প্ৰেৰণ কৰে । যোৱা মাহত, এই গোচৰটোত জড়িত থকাৰ অভিযোগত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ পৰিদৰ্শক সুনীল মানেক গ্ৰেপ্তাৰ কৰিছিল NIAই ।

উল্লেখ্য যে, যোৱা ২৫ ফেব্ৰুৱাৰীত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী(Mukesh Ambani)ৰ বাসগৃহৰ ওচৰত বিস্ফোৰক ভৰ্তি বাহন ৰখা ঘটনাত জড়িত থকাৰ অভিযোগত মূল অভিযুক্ত শচীন ৱেজ(Sachin Waze)ক ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছে । ৱেজৰ বিৰুদ্ধে 'এণ্টিলিয়া'(Antilia)ৰ সমীপতে বিস্ফোৰক সামগ্ৰী থকা বাহনখনৰ গৰাকী মনসুখ হীৰেণক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

মনসুখ হীৰেণ(Mansukh Hiren)ক যোৱা ৫ মাৰ্চত থানেত মৃত অৱস্থাত উদ্ধাৰ কৰা গৈছিল । অপৰাধ চোৰাংচোৱা গোটৰ (Crime Intelligence Unit) প্ৰাক্তন সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন ৱেজৰ নাম এণ্টিলিয়া বোমাতংক ঘটনাৰে সাঙোৰ খোৱাৰ পাচতে তেওঁক বদলি কৰা হৈছিল । পাচত চলিত মে' মাহত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ।

লগতে পঢ়ক:অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ABOUT THE AUTHOR

...view details