অসম

assam

ETV Bharat / bharat

দাউদ ইব্ৰাহিমৰ মূৰৰ ওপৰত পুৰস্কাৰ ঘোষণা - Reward on Dawood Ibrahim

দাউদ ইব্ৰাহিমৰ বিৰুদ্ধে NIAৰ গুৰুত্বপূৰ্ণ ঘোষণা । গেংষ্টাৰজনৰ মূৰৰ মূল্য ২৫ লাখ টকা ঘোষণা সংস্থাটোৰ (NIA announces reward on Dawood Ibrahim)। দাউদৰ ঘনিষ্ঠসকলৰ মূৰৰ মূল্যও ঘোষণা কৰিলে সংস্থাটোৱে ।

Dawood Ibrahim
দাউদ ইব্ৰাহিমৰ মূৰৰ ওপৰত পুৰস্কাৰ ঘোষণা

By

Published : Sep 1, 2022, 1:38 PM IST

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ :আন্তঃৰাষ্ট্ৰীয় গেংষ্টাৰ দাউদ ইব্ৰাহিমৰ (Don Dawood Ibrahim) তথ্য দিব পাৰিলে লাভ কৰিব ২৫ লাখ টকা । আনহাতে দাউদৰ সহযোগীসকলৰো তথ্য দিব পাৰিলে ২০-১৫ লাখ টকা লাভ কৰিব পাৰিব । ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) 'Most Wanted' দাউদ ইব্ৰাহিমৰ মূৰৰ মূল্য ঘোষণা কৰিছে (NIA announces reward on Dawood Ibrahim)। 'ডি' কোম্পানীৰ সৈতে জড়িত এক তদন্ত চলাই থকা সংস্থাটোৱে শেহতীয়াকৈ এই বৃহৎ ঘোষণা কৰিছে ।

দাউদ ইব্ৰাহিমৰ উপৰিও তেওঁ সহযোগী তথা ইব্ৰাহিমৰ ভাতৃ আনিচ ইব্ৰাহিম ওৰফে হাজী আনিচ, ঘনিষ্ঠ সহায়ক জাভেদ পেটেল ওৰফে জাভেদ চিকনা, শ্বাকিল শ্বেখ ওৰফে ছোটা চাকিল আৰু ইব্ৰাহিম মুস্তাক আব্দুল ৰজ্জাক মেমন ওৰফে টাইগাৰ মেমনৰ মূৰৰ মূল্যও ঘোষণা কৰিছে । সংস্থাটোৱে ছোটা শ্বাকিলৰ মূৰৰ মূল্য ২০ লাখ, আনিচ, চিকনা আৰু মেমনৰ বিৰুদ্ধে ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক :NIA ৰ জালত ছোটা শ্বাকিলৰ দুই সহযোগী

ABOUT THE AUTHOR

...view details