নেশ্যনেল ডেস্ক,৯ জুন :দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ১০৫ ঘণ্টা ৩৩ মিনিটত ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ৭৫ কিলোমিটাৰ আলকতৰা কংক্ৰিট স্থাপন কৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্মিৱিষ্ট কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI sets new Guinness World Record) । বুধবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।
গাডকাৰীয়ে টুইটাৰত এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা আজাদী কা অমৃত মহোৎসৱৰ অধীনত NHAIয়ে এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । গাডকাৰীয়ে NHAI আৰু ৰাজপথ ইনফ্ৰাকন প্ৰাইভেট লিমিটেডৰ সকলো অভিযন্তা, ঠিকাদাৰ, পৰামৰ্শদাতা আৰু কৰ্মীসকলক এই বিশ্ব অভিলেখৰ বাবে অভিনন্দন জনায় । তেওঁ কয় যে ১০৫ ঘণ্টা ৩৩ মিনিটত অমৰাৱতীৰ পৰা আকোলা জিলালৈ যোৱা ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৭৫ কিলোমিটাৰ অংশত আলকতৰা কংক্ৰিট স্থাপন কৰা হৈছিল (Record by setting 75 km bituminous concrete in NH53)।