আগৰতলা,২২ অক্টোবৰ :সমাগত দীপাৱলী (Diwali 2022)। দেশৰ ভিন্ন প্ৰান্তত দীপাৱলী আৰু কালী পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে (Kali Puja preparation)। পোহৰৰ উৎসৱ উদযাপনৰ বাবে সাজু হৈছে সকলো । ইফালে দীপাৱলী আৰু কালী পূজাৰ বিভিন্ন সামগ্ৰীও বজাৰত উপলব্ধ হৈছে । চাকি, ভিন্ন ৰঙীন লাইটেৰে বজাৰ উভৈনদী হৈছে ।
দেশৰ বিভিন্ন কালী মন্দিৰতো দীপাৱলীৰ বাবে বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । প্ৰতিবছৰৰ দৰে ত্ৰিপুৰাৰ উদয়পুৰৰ ত্ৰিপুৰেশ্বৰী মন্দিৰতো দীপাৱলী আৰু মেলাৰ বিশেষ আয়োজন কৰা হৈছে । য'ত লাখ লাখ ভক্তৰ আগমন হোৱাৰ আশা কৰা হৈছে ।
দেশ-বিদেশৰ ভক্তৰ আগমনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । গোমতী জিলাৰ ঐতিহাসিক ত্ৰিপুৰেশ্বৰী মন্দিৰত ভক্তৰ অতিৰিক্ত ভিৰৰ সম্ভৱনাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনকেইটাত আগৰতলা-ধৰ্মনগৰ-আগৰতলা আৰু আগৰতলা-চাব্ৰুম-আগৰতলাৰ মাজত দুখন বিশেষ ৰে'ল চলাচলৰ সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই (NFR to run Diwali special train in Tripura)।