নেশ্যনেল ডেস্ক,৫ আগষ্ট :যোৱা ১৪ জুলাইত যাত্ৰা আৰম্ভ কৰা চন্দ্ৰযান-৩ য়ে ইতিমধ্যে দুই-তৃতীয়াংশ পথ অতিক্ৰম কৰিছে । উৎক্ষেপণৰ পাছত চন্দ্ৰযান-৩য়ে প্ৰথমে পৃথিৱীৰ ৫ টা ক্ৰমিক কক্ষপথৰ এটা শৃংখলা অতিক্ৰম কৰে । এতিয়া চন্দ্ৰযানে পৰৱৰ্তী গন্তব্য স্থান চন্দ্ৰৰ দিশে আগবাঢ়িছে । শনিবাৰে সন্ধিয়া ৭ বজাৰ ভিতৰত ই চন্দ্ৰ-কক্ষপথত অন্তৰ্ভুক্ত হোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে ।
ইয়াৰ পূৰ্বে, ১ আগষ্টত মহাকাশযানখনে চন্দ্ৰৰ প্ৰভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ ইঞ্জিন নিক্ষেপ কৰিছিল আৰু এক গুৰুত্বপূৰ্ণ স্লিংশ্বট কৌশল সফলতাৰে সম্পাদন কৰিছিল । যিটো প্ৰক্ৰিয়াই চন্দ্ৰযান-৩ক পৃথিৱীৰ কক্ষপথৰ পৰা চন্দ্ৰৰ ফালে লৈ গৈছিল । এই ট্ৰেন্স-লুনাৰ ইঞ্জেকচন (টিএলআই)য়ে মহাকাশযানখনক পৃথিৱীৰ মাধ্যাকৰ্ষণীয় শক্তিৰ পৰা মুক্ত হ'বলৈ আৰু ইয়াক চন্দ্ৰৰ আশে-পাশে গতি কৰিবলৈ সহায় কৰিছিল । ইয়াৰ অৰ্থ হৈছে মহাকাশ যান চন্দ্ৰৰ মাধ্যাকৰ্ষণীয় শক্তিৰ অধীনত আছে । এবাৰ সফলতাৰে লুনাৰ অ'ৰবিট ইনৰ্চাশ্বন চমুকৈ এল.ও.আই. সম্পাদন কৰাৰ পাছত চন্দ্ৰযানে চন্দ্ৰৰ কক্ষপথত থাকিব ।
ট্ৰেন্স-লুনাৰ ইঞ্জেকচন (টিএলআই) কৌশলে চন্দ্ৰযান-৩ক লুনাৰ ট্ৰেন্সফাৰ ট্ৰেজেক্টৰী নামৰ এক প্ৰকাৰৰ গতিপথলৈ প্ৰেৰণ কৰিছে যি নিম্ন পৃথিৱীকক্ষৰ (এলইঅ') পৰা চন্দ্ৰলৈ মহাকাশযান লৈ যায় । টিএলআই বাৰ্ণ সাধাৰণতে ৰাসায়নিক ৰকেট ইঞ্জিনৰ দ্বাৰা কৰা হয়, যাক পেৰিগ্ৰী ইঞ্জিন বুলিও কোৱা হয় । মহাকাশযানৰ বেগ প্ৰায় ৩ কিঃমিঃ/ছেঃ বৃদ্ধি কৰে । এই গতি পৃথিৱীৰ মাধ্যাকৰ্ষণৰ পৰা আঁতৰি চন্দ্ৰত উপনীত হ'বলৈ যথেষ্ট ।
টিএলআই বাৰ্ণৰ বাবে সাধাৰণতে সময় নিৰ্ধাৰণ কৰা হয় যাতে মহাকাশযানখন চন্দ্ৰৰ প্ৰভাৱ ক্ষেত্ৰত এক নিৰ্দিষ্ট উপনীত হয় । লগে লগে মহাকাশযানখন চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱলৈ আহে আৰু চন্দ্ৰক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰে । টিএলআই চন্দ্ৰলৈ যিকোনো অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ ।
৫ আগষ্টত কি হ'ব ?
সন্ধিয়া প্ৰায় ৭ মান বজাত মহাকাশযান চন্দ্ৰৰ চাৰিওফালৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ লুনাৰ অৰ্বিট ইনচাৰ্চন (এল.অ'.আই.) নামৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া সম্পাদন কৰিব । মহাকাশযানখনে পৃথিৱী এৰি চন্দ্ৰলৈ যোৱাৰ পাছত এই প্ৰক্ৰিয়া কৰা হয় আৰু ইয়াৰ গতি বেগ হ্ৰাস কৰিবলৈ আৰু ইয়াক চন্দ্ৰৰ চাৰিওফালে এক স্থিৰ কক্ষপথত স্থাপন কৰিবলৈ মহাকাশযানৰ ইঞ্জিনবোৰ বাৰ্ণ কৰা অন্তৰ্ভুক্ত থাকে । যদি এল.ও.আই. কৌশল সঠিকভাৱে সম্পাদন নহয়, মহাকাশযানখনে চন্দ্ৰক হেৰুৱাব পাৰে বা ই এক অস্থিৰ কক্ষপথত প্ৰৱেশ কৰিব পাৰে যি অৱশেষত ক্ষয় হ'ব আৰু মহাকাশযানখন দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে ।
নিৰ্দিষ্ট অভিযানৰ ওপৰত নিৰ্ভৰ কৰি টিএলআইৰ পাছত এলঅ'আইৰ বাবে লোৱা সময় পৃথক হ'ব পাৰে । ইয়াৰ কেইটামান সম্ভাৱ্য কাৰণ হৈছে :
1. মহাকাশযানখনে সঠিক উৎক্ষেপণৰ সঠিম মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব পাৰে : পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ কক্ষপথ সম্পূৰ্ণৰূপে বৃত্তাকাৰ নহয়, সেয়েহে কিছুমান সময় আছে যেতিয়া চন্দ্ৰত উপনীত হোৱাটো সহজ হয় । ইন্ধন সংৰক্ষণ আৰু এক সফল অভিযান নিশ্চিত কৰাৰ বাবে মহাকাশযানখনে এই উৎক্ষেপণ মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব পাৰে ।