নিউজ ডেস্ক, ৫ অক্টোবৰ:চীনক সমৰ্থনৰ বাবে ধন লাভ কৰা অভিযোগত ইউএপিএৰ অধীনত দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু HR বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত বুধবাৰে ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰে ৷ আৰক্ষীয়ে দাখিল কৰা ৰিমাণ্ড আবেদনৰ প্ৰতিলিপি অভিযুক্তৰ অধিবক্তা অৰ্শ্বদীপ সিং খুৰানাক গতাই দিবলৈ সন্মত হয় আদালত । অধিবক্তা খুৰানাই আদালতত এজাহাৰৰ কপিৰ বাবে অনুৰোধ জনায় যাতে তেওঁ অভিযুক্তৰ বাবে উপলব্ধ আইনী সুবিধাসমূহৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে ।
ইফালে ৰিমাণ্ডৰ সময়চোৱাত অধিবক্তাক দৈনিক এঘণ্টাৰ বাবে অভিযুক্তক সাক্ষাৎ কৰিবলৈও অনুমতি প্ৰদান কৰে ন্যায়ালয়ে । আনহাতে গোচৰটোৰ হৈ যুক্তি দিবলৈ চৰকাৰী বিশেষ অধিবক্তা নথকাত ন্যায়ালয়ে গোচৰটোৰ শুনানী বৃহস্পতিবাৰলৈ স্থগিত ৰাখে ৷ ন্যায়াধীশৰ বাসগৃহত হাজিৰ কৰোৱাৰ পাচত অভিযুক্ত প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।