নেশ্যনেল ডেস্ক, 25 এপ্ৰিল :ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ এখন দেশত ধৰ্মীয় স্থানত প্ৰৱেশত বাধা প্ৰদান কৰাতো একপ্ৰকাৰ অপৰাধ ৷ কিন্তু সেয়া হয়তো বোধগম্য নাছিল ৰাজস্থানৰ এগৰাকী পুৰোহিতৰ ৷ যাৰবাবে সম্প্ৰতি ৰাজস্থান আৰক্ষীৰ জিম্মাত এই পুৰোহিতজন ৷
ঘটনাটো মূলতঃ এনেধৰণৰ- দলিত সম্প্ৰদায়ৰ এটা নৱবিবাহিত দম্পতীক মন্দিৰত প্ৰৱেশত বাধা প্ৰদান(Newlywed Dalit couple disallowed from Rajasthan temple) কৰিছিল এগৰাকী পুৰোহিতে ৷ তাৰপিছতে ভুক্তভোগীৰ পৰিয়ালে কাষ চাপে আৰক্ষীৰ ৷ দলিত শ্ৰেণীৰ পৰিয়ালটোৱে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত পুৰোহিতজনৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতে পুৰোহিতজনক কৰায়ত্ত কৰে(Priest arrested for not allowing Dalit couple in temple) আৰক্ষীয়ে ৷
শনিবাৰে সংঘটিত এই ঘটনাটোৰ এটা ভিডিঅ' ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ য'ত ভেলা ভাৰতী নামৰ পুৰোহিতজনে আহোৰ মহকুমাৰ অন্তৰ্গত নীলকান্ত গাঁৱৰ মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰত দম্পতীটোক বাধা প্ৰদান কৰিছিল ৷
ভিডিঅ'টোত মন্দিৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ বাবে দম্পতীটো আৰু পুৰোহিতজনৰ মাজত তৰ্ক-বিতৰ্ক হোৱা দেখা গৈছিল ৷ আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিতে আটক কৰে পুৰোহিতজনক ৷ দেওবাৰে এই কথা সদৰি কৰে জালোৰৰ আৰক্ষী অধীক্ষক হৰ্ষবৰ্ধন আগৰৱালাই ৷