অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতিৰ আজি দায়িত্বভাৰ গ্ৰহণ - AICC

উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ব্ৰজলাল খাবৰীয়ে (UP Congress president Brijlal Khabri) শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । তেওঁ লক্ষ্ণৌৰ দলীয় কাৰ্যালয়লৈ যোৱাৰ সম্ভাৱনা আছে ।

UP congress
UP congress

By

Published : Oct 8, 2022, 1:39 PM IST

নিউজ ডেস্ক, ৮ অক্টোবৰ :কংগ্ৰেছ দলৰ লক্ষ্ণৌ কাৰ্যালয় উত্তৰ প্ৰদেশৰ নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ব্ৰজলাল খাবৰীক (newly elected UP congress president Brijlal Khabri) উষ্ম আদৰণি জনাবলৈ সকলো প্ৰকাৰে সজ্জিত হৈ আছে । তেওঁ শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব । ইয়াৰ উপৰি শনিবাৰে আন ছয়জন নৱনিৰ্বাচিত প্ৰাদেশিক কংগ্ৰেছ সভাপতিয়েও দায়িত্ব গ্ৰহণ কৰিব (Uttar Pradesh State Congress) ।

ব্ৰজলাল খাবৰীক উষ্ম আদৰণি জনোৱাৰ বাবে কংগ্ৰেছ দলৰ লক্ষ্ণৌ কাৰ্যালয়টো ফেষ্টুন আৰু ফুলেৰে সজোৱা হৈছে (UP Congress welcome Brijlal Khabri) । খাবৰীয়ে জালাউনৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰিব আৰু কমেও ৫০০ খন বাহন তেওঁৰ দলটোৰ লগত থাকিব । উল্লেখ্য, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ (2024 Lok Sabha elections) কথা বিবেচনা কৰি কংগ্ৰেছে দলৰ ৰাজ্যিক সভাপতি হিচাপে উত্তৰ প্ৰদেশত দলিত মুখ বাছনি কৰিছে ।

একেদৰে ৰাজ্যখনৰ জাতিগত সমীকৰণৰ কথা মনত ৰাখি কংগ্ৰেছ নেতৃত্বই নছিমুদ্দিন চিদ্দিকী, নকুল ডুবে, অজয় ৰায়, বীৰেন্দ্ৰ চৌধুৰী, অনিল যাদৱ আৰু যোগেশ দীক্ষিতক প্ৰাদেশিক সভাপতি হিচাপে নিযুক্তি দিছে । কংগ্ৰেছে ব্ৰাহ্মণ, মুছলমান আৰু অ'বিচিসকলক প্ৰতিনিধিত্ব প্ৰদান কৰিছে আৰু ছয়জন আঞ্চলিক সভাপতি নিযুক্ত কৰিছে (AICC) ।

উল্লেখ্য, খাবৰীৰ জন্ম ১৯৬১ চনৰ ১০ মে' তাৰিখে উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ কঞ্চ তহচিলৰ অন্তৰ্গত এখন গাঁৱত । ব্ৰিজলাল খাবৰীয়ে ছাত্ৰকালতে ৰাজনীতিত যোগদান কৰিছিল । তেওঁ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে । খাবৰীয়ে ১৯৮৬-৮৭ চনত ওৰাইৰ দয়ানন্দ বৈদিক মহাবিদ্যালয়ৰ পৰা ছাত্ৰ সন্থাৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিছিল (UP Congress president to assume charge today) ।

লগতে পঢ়ক :আজিৰে পৰা লক্ষ্ণৌত ৮১ সংখ্যক ইণ্ডিয়ান ৰোড কংগ্ৰেছ

For All Latest Updates

ABOUT THE AUTHOR

...view details