আগৰতলা,৯ ডিচেম্বৰ :শপত ল'লে আগৰতলা পৌৰ নিগমৰ নৱ নিৰ্বাচিত মেয়ৰ আৰু ডেপুটি মেয়ৰে(Oath taking ceremony of AMC) । বৃহস্পতিবাৰে আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত আয়োজিত অনুষ্ঠানত মেয়ৰ আৰু ডেপুটি মেয়ৰসহ বাকী সদস্য সকলেও শপত গ্ৰহণ কৰে । উল্লেখ্য যে নৱ নিৰ্বাচিত মেয়ৰ দীপক মজুমদাৰ, ডেপুটি মেয়ৰ মনিকা দাসসহ ছয়গৰাকী নিৰ্বাচিত সদস্যই মেয়ৰ ইন কাউন্সিল হিচাপে শপত গ্ৰহণ কৰে (Mayor in Council of AMC sworn in)।
পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধনে তেওঁলোকৰ শপত বাক্য পাঠ কৰায় আৰু নগৰ উন্নয়ন সচিব কিৰণ গিটে মেয়ৰ-ইন-কাউন্সিলক শপত বাক্য পাঠ কৰায় । শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা, শিক্ষা আৰু আইন মন্ত্ৰী ৰতন লাল নাথ, কাৰাগাৰ মন্ত্ৰী ৰামপ্ৰসাদ পাল, ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তী, বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহা । অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকী নেতা আৰু পৌৰ নিগম কাৰ্যালয়ৰ কৰ্মচাৰীসকলো উপস্থিত থাকে ।