নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: বিশ্বৰ বিভিন্ন দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিড-১৯ৰ সংক্ৰমণ । ভাৰততো পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে সংক্ৰমণ । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডত ভাৰতৰ পৰা যোৱা লোকৰ প্ৰৱেশ অস্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে । ভাৰতৰ পৰা দেশখনলৈ উভতি যোৱা বহু লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিউজিলেণ্ড চৰকাৰে ।
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে বৃহস্পতিবাৰে সাংবাদিকৰ আগত কয় যে, এই নিষেধাজ্ঞা দেওবাৰৰ পৰা কাৰ্যকৰী হ'ব আৰু অহা ২৮ এপ্ৰিললৈকে অব্যাহত থাকিব । তেওঁ কয় যে, ভাৰতৰ পৰা উভতি অহা অধিকাংশ লোক মহামাৰীত আক্ৰান্ত হৈছে । সেয়ে, মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত বাধা দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে । তেওঁ লগতে কয় যে, নিউজিলেণ্ড চৰকাৰে প্ৰথমবাৰৰ বাবে নাগৰিকসকলৰ ভ্ৰমণ আৰু ঘৰলৈ উভতি যাবলৈ বিচৰা আৱাসীসকলৰ ভ্ৰমণ স্থগিত ৰাখিছে ।
ইফালে, নিউজিলেণ্ডৰ এখন হোটেলৰ এগৰাকী নিৰাপত্তাৰক্ষী মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । কিন্তু তেওঁৰ আন লোকলৈ সংক্ৰমণ হৈছে নে নাই সেয়া এতিয়াও প্ৰমাণিত হোৱা নাই । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, নিউজিলেণ্ডে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে যেতিয়া কোনো লোক আক্ৰান্ত হোৱা বুলি প্ৰমাণিত হয়, তেতিয়া ই চিন্তাৰ বিষয় হৈ পৰে ।