অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সময়ত ভাৰতক সমৰ্থন নিউজিলেণ্ডৰ - The International Federation of the Red Cross (IFRC)

নিউজিলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী নানাইয়া মাহুতাই জনোৱা মতে মহামাৰীৰ সৈতে যুঁজিবলৈ ভাৰতক সহায় কৰিবলৈ ৰেড ক্ৰছৰ আন্তৰ্জাতিক ফেডাৰেচনলৈ ১ মিলিয়ন নিউজিলেণ্ড ডলাৰ অৰিহণা যোগাব ।

কৰ'ণাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সময়ত ভাৰতক সমৰ্থন নিউজিলেণ্ডৰ
কৰ'ণাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সময়ত ভাৰতক সমৰ্থন নিউজিলেণ্ডৰ

By

Published : Apr 28, 2021, 9:30 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল:ভাৰতে কৰ'ণাৰ দ্বিতীয়া ঢৌত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । অক্সিজেনৰ নাটনিকে ধৰি স্বাস্থ্যসেৱাৰ বিভিন্ন সমস্যাত পৰিছে ভাৰত । তেনে সময়তে ভাৰতৰ প্ৰতি বন্ধুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে কেইবাখনো দেশে । এইবাৰ নিউজিলেণ্ডৰ বৈদেশিক মন্ত্ৰী নানাইয়া মাহুতাৰ ঘোষণা ক'ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰতক সহায়ৰ হাত আগবঢ়াব নিউজিলেণ্ডে ।

এনে পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰি থকা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক টুইটযোগে প্ৰশংসা কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে । লগতে এনে প্ৰত্যাহ্বানৰ সময়ত নিউজিলেণ্ডে ভাৰতৰ সৈতে একত্ৰিত হৈ থিয় দিব বুলিও তেওঁ টুইটযোগে প্ৰকাশ কৰে ।

তেওঁ প্ৰকাশ কৰা মতে নিউজিলেণ্ডে ভাৰতক সহায় কৰিবলৈ ৰেড ক্ৰছৰ আন্তৰ্জাতিক ফেডাৰেচনলৈ ১ মিলিয়ন নিউজিলেণ্ড ডলাৰ (৭,১৯,০০০ ডলাৰ) অৰিহণা যোগাব । মাহুতাই লগতে কয় যে ইণ্টাৰনেচনেল ফেডাৰেচন অফ দ্য ৰেড ক্ৰছ (আইএফআৰচি)য়ে স্থানীয় ইণ্ডিয়ান ৰেডক্ৰছ চ'চাইটিৰ সৈতে অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ চিকিৎসা সামগ্ৰী প্ৰদান কৰাৰ বাবে পোনপটীয়াকৈ কাম কৰি আছে । আইএফআৰচিয়ে এম্বুলেঞ্চ সেৱা আৰু তেজ সেৱা প্ৰদান কৰি আৰু প্ৰয়োজনীয় লোকসকলক ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু পৰিচ্ছন্নতাৰ কিট বিতৰণ কৰি সমগ্ৰ ভাৰতত জৰুৰীকালীন কাৰ্যকলাপ বৃদ্ধি কৰিছে ।

বৈদেশিক মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই পৰিস্থিতি ভাৰতৰ জনসাধাৰণৰ বাবে অতি দুখদায়ক আৰু প্ৰত্যাহ্বানজনক সময় । সেয়ে নিউজিলেণ্ড চৰকাৰে পৰিস্থিতি নিৰীক্ষণ অব্যাহত ৰাখিব আৰু ভাৰত চৰকাৰক সহায় কৰিবলৈ সাজু থাকিব।

লগতে পঢ়ক:অক্সিজেন ভৰ্তি বাহন আৰক্ষীয়ে ৰখাই থোৱাৰ বাবেই ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details