নিউজ ডেস্ক, ২৮ জুলাই : বিগত ডেৰ বছৰ ধৰি কেৰালাৰ পাথানামথিট্টাৰ কলঞ্জুৰৰ পৰা সন্ধানহীন হৈ আছিল নৌচাদ (৩৬) নামৰ এজন ব্যক্তি । পূৰ্বতে তেওঁক হত্যা কৰা বুলি আশংকা কৰা হৈছিল । আনহাতে, তেওঁৰ পত্নী আফছানাই বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে তেৱেঁই স্বামীক হত্যা কৰিছিল । কিন্তু এইখিনিতে কাহিনীত আহিছে এক নতুন টুইষ্ট । আৰক্ষীয়ে এক ঘটনাক্ৰমত শুকুৰবাৰে পুৱা থোডুপুজাৰ ওচৰৰ থম্মাংকুথুৰ পৰা নৌচাদক জীৱন্তে উদ্ধাৰ কৰে ।
নৌচাদৰ সন্ধানহীন ঘটনাৰ তদন্ত কৰি থকা আৰক্ষীৰ দলটো বৃহস্পতিবাৰে সন্ধিয়ালৈকে সম্পূৰ্ণ বিভ্ৰান্তিত আছিল । তাৰ মাজতে তেওঁৰ পত্নী আফছানাই বৃহস্পতিবাৰে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁ ডেৰ বছৰ পূৰ্বে নিৰুদ্দিষ্ট নৌচাদক হত্যা কৰিছিল । কিন্তু যেতিয়া নৌচাদৰ পত্নী আফছানাই তেওঁৰ বক্তব্য সঘনাই সলনি কৰি আছিল তেতিয়া আৰক্ষীৰ দলটো বিভ্ৰান্ত হৈছিল ।
আনহাতে, আৰক্ষীয়ে কৰা পৰীক্ষাত কোনো গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা নোপোৱাত নৌচাদ জীয়াই থাকিব পাৰে বুলি সন্দেহ হৈছিল । তাৰ ভিত্তিতে বৃহস্পতিবাৰে আৰক্ষীয়ে পুনৰ নৌচাদৰ মৃতদেহ বিচাৰি তালাচী চলায় । কিন্তু তাত বিফল হয় । ইফালে উদ্ধাৰ হোৱাৰ পিছত নৌচাদে আৰক্ষীৰ আগত কয় যে পত্নীয়ে তেওঁৰ জীৱনৰ ক্ষতি কৰিব পাৰে বুলি ভয় খাই ডেৰ বছৰ পূৰ্বে ঘৰৰ পৰা পলাই গৈছিল । তেওঁ লগতে এইটোও কয় যে তেওঁ থোডুপুজাৰ ওচৰৰ থম্মাংকুথুত আছিল আৰু জীৱিকাৰ বাবে তাত দিন হাজিৰা কৰিছিল ।
ইয়াৰ উপৰি তেওঁ আৰক্ষীক জনায় যে তেওঁ যে সন্ধানহীন হৈ আছে আৰু আৰক্ষীয়ে তেওঁৰ অনুসন্ধান কৰি আছে সেই বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত আছিল । নৌচাদে দাবী কৰে যে তেওঁ কোনো মোবাইল ফোন ব্যৱহাৰ কৰা নাছিল আৰু পত্নীয়ে তেওঁক হত্যা কৰা বুলি কৰা দাবীৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিল । বিগত ডেৰ বছৰ ধৰি নৌচাদে তেওঁৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰা নাছিল । আনহাতে, থম্মানকুন্নুৰ স্থানীয় লোকে আৰক্ষীক জনায় যে নৌচাদ জীয়াই আছে আৰু তেওঁলোকৰ ওচৰত আছে ।
তাৰ পিছত আৰক্ষীয়ে উক্ত স্থানলৈ গৈ তেওঁক উদ্ধাৰ কৰে । থোডুপুঝা আৰক্ষীয়ে নৌচাদক ডিৱাইএছপি কাৰ্যালয়লৈ লৈ যায় । ইফালে কুদালৰ এটা আৰক্ষীৰ দল নিৰুদ্দেশ গোচৰটোৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে থোডুপুজাত উপস্থিত হৈছিলগৈ । আনহাতে, আফচানাই স্বীকাৰোক্তি দিছিল যে তেওঁ বন্ধু নাচিৰৰ সহযোগত নৌচাদৰ মৃতদেহটো এখন সামগ্ৰী কঢ়িওৱা অটোত লৈ গৈছিল ।