আগৰতলা , 27 ছেপ্টেম্বৰ :কংগ্ৰেছ দলক তচ-নচ হোৱাৰ পৰা পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে দলৰ নেতৃত্বক অধিক উন্নত কৰি তোলাৰ আশ্বাস দিছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ(Tripura Pradesh Congress)ৰ নৱনিযুক্ত সভাপতি বীৰজিৎ সিনহা(Birajit Sinha)ই ৷ কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী সিনহাক 2019 চনত হঠাৎ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাচত পুনৰ সিনহাই দলৰ শাসনভাৰ দখল কৰিছে ৷ 2019 বৰ্ষত সিনহাৰ ঠাইত প্ৰদ্যুত কিশোৰ দেৱবৰ্মনক ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৷ ইয়াৰ পাচত পীযুষ বিশ্বাসক দলৰ ৰাজ্যিক গোটৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৷
টিটিএএডিচি নিৰ্বাচন(TTAADC elections)ত আশানুৰূপ ফলাফল লাভ নকৰি এইবাৰ দলে পুনৰ সিনহাৰ ওপৰত আস্থা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ TPCCৰ সভাপতি হিচাপে নিযুক্ত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰি সিনহাই কয় যে, দলে প্ৰায় একো নকৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ কৰ্মীসকলে হতাশ অনুভৱ কৰিছে ৷ দীৰ্ঘদিন ধৰি দলটোৰ কোনো ৰাজনৈতিক কাৰ্যসূচী নথকাৰ বাবে দলৰ কৰ্মীসকলে বিশ্বাস হেৰুৱাইছিল বুলি মন্তব্য কৰি সিনহাই কয় যে, এতিয়াৰে পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে ইয়াৰ দলীয় কাৰ্যসূচী পুনৰ আৰম্ভ কৰিব ৷
কংগ্ৰেছ একমাত্ৰ বিকল্প বুলি দাবী কৰি সিনহাই কয় যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যখনৰ প্ৰতিটো অংশত ছয় হাজাৰ সমৰ্পিত কংগ্ৰেছ কৰ্মীৰ এটা বাহিনীক তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব ৷