অসম

assam

ETV Bharat / bharat

মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ পৰা কাম আৰম্ভ হ’ব 15 জানুৱাৰীত - PM Modi inaugurated NITB

15 জানুৱাৰী 2022 তাৰিখৰ পৰা আৰম্ভ হ'ব আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ বহু প্ৰতীক্ষিত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল (Maharaja Bir Bikram Airport in Agartala ) ৷ চলিত বৰ্ষৰ ০৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল টাৰ্মিনেল ভৱনটো (PM Modi inaugurated NITB ) ।

New terminal of MBB Airport to operationalized from Jan 15
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিছতে সাজু হৈ উঠিল বিক্ৰম বিমানবন্দৰৰ নতুন টাৰ্মিনেল

By

Published : Jan 14, 2022, 10:24 PM IST

আগৰতলা,14 জানুৱাৰী: আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ(Maharaja Bir Bikram Airport in Agartala )ৰ বহু প্ৰতীক্ষিত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং (এনআইটিবি) ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । প্ৰতিবেদন অনুসৰি, সকলো বাণিজ্যিক বিমানে 15 জানুৱাৰী 2022 তাৰিখৰ পৰা এনআইটিবিৰ পৰা কাম আৰম্ভ কৰিব আৰু যাত্ৰীসকলক নিউ ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিংৰ পৰা যাত্ৰাপথত আগবাঢ়িব পাৰিব (New terminal of MBB Airport Agartala) ৷

পুৰণি টাৰ্মিনেল ভৱনটো বাণিজ্যিক বিমান পৰিচালনাৰ বাবে আৰু ব্যৱহাৰ কৰা নহ'ব । বিৱৰণ অনুসৰি, প্ৰথমখন বিমান শনিবাৰে পুৱা ১০.৩০ বজাত আগৰতলা বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনত অৱতৰণ কৰিব আৰু প্ৰথমখন বিমান পুৱা ১১ বজাত উৰা মাৰিব । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে ৰাতিপুৱা বিমানবন্দৰত উপস্থিত থাকি কলকাতাৰ যাত্ৰীসকলৰ লগত মিলিত হ’ব ।

মন কৰিকৰিব লগীয়া যে, চলিত বৰ্ষৰ ০৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনআইটিবি উদ্বোধন কৰিছিল(PM Modi inaugurated NITB) । ভ্ৰমণকাৰী যাত্ৰীসকলৰ বাবে নিউ ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিঙৰ পৰা উঠা-নমা কৰি নতুন বিমানবন্দৰৰ সুন্দৰ পৰিৱেশ অনুভৱ কৰাটো আনন্দদায়ক হ'ব ।

এজন বিষয়াই কয়, "উদ্বোধন হোৱাৰ দহ দিনৰ ভিতৰত ভ্ৰমণকাৰী ৰাইজৰ বাবে নিউ টাৰ্মিনেল ভৱনটো আৰম্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট চাপ আছিল"। বিমানবন্দৰৰ সঞ্চালক, ৰাজীৱ কাপুৰে ইয়াক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আৰম্ভ কৰাত উদ্যোগ লৈছিল যদিও ইয়াত বৰ্তমানৰ টাৰ্মিনেল ভৱনৰ পৰা অত্যাৱশ্যকীয় সঁজুলি স্থানান্তৰ কৰা আৰু সকলো সুবিধা কাৰ্যকৰী কৰাৰ বিষয়বোৰো অন্তৰ্ভুক্ত আছিল ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ পিছতে ৰাজ্যখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নেকি ক’ভিড সংক্ৰমণ ?

ABOUT THE AUTHOR

...view details